অসম

assam

ETV Bharat / state

অপাৰেশ্যন ক্ৰিমিনেল : নগাঁৱত আই পি এছ আনন্দ মিশ্ৰৰ ধাৰাবাহিক অভিযান - সৰবৰাহকাৰী

আনন্দ মিশ্ৰৰ নগাঁৱত যোগদানৰ পিছৰ পৰাই ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধৰ ঘাটি উৎখাত কৰিবলৈ অধিক তৎপৰ হৈছিল নগাঁও আৰক্ষী । নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান । বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ব্ৰাউন চুগাৰ, হেৰ'ইনকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে বহুকেইটা সৰবৰাহকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

anand misra action
ৰয়েল এনফিল্ড লৈ নগাঁৱত আনন্দ মিশ্ৰৰ অভিযানৰ

By

Published : Jun 4, 2021, 8:24 PM IST

নগাঁও, 4 জুন :নগাঁও চহৰত শুকুবাৰে বাইক লৈ ৰাজপথত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । আৰক্ষী, নিৰাপত্তাৰক্ষীৰ দল লগত লৈ বাইকত আনন্দ মিশ্ৰই চলাইছে অভিযান । এয়া মনোৰঞ্জনৰ বাবে আনন্দ মিশ্ৰৰ কোনো বাইক ৰাইডিঙৰ দৃশ্য নহয় । শুকুবাৰে নগাঁও চহৰত আই পি এছ আনন্দ মিশ্ৰৰ অপাৰেশ্যন সময়ত বাইক চলাই নিজেই অভিযানত নামিল নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকী । প্ৰথমেই বাইক লৈ টহল নগাঁৱৰ ৰাজপথত । লক্ষ্য ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা সান্ধ্য আইন অমান্য কাৰী ৷ ক’ভিডৰ ভয়াৱহতা নেওচি ৰাজপথত ঘূৰিফুৰা দুই একৰ পিঠিত আৰক্ষীৰ বেত্ৰাঘাত ।

উল্লেখযোগ্য যে, আনন্দ মিশ্ৰৰ নগাঁৱত যোগদানৰ পিছৰ পৰাই ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধৰ ঘাটি উৎখাত কৰিবলৈ অধিক তৎপৰ হৈছিল নগাঁও আৰক্ষী । নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান । বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ব্ৰাউন চুগাৰ, হেৰ'ইনকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে বহুকেইটা সৰবৰাহকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

নগাঁৱত আই পি এছ আনন্দ মিশ্ৰৰ ধাৰাবাহিক অভিযান

তাৰমাজতে শুকুৰবাৰে দিনৰ ১২ বজাৰ পাচতেই আনন্দ মিশ্ৰই হঠাৎ এনেদৰে অভিযান চলালে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত । চহৰখনৰ লাওখোৱা ৰোড, হয়বৰগাঁও আদি এলেকাৰ কেইবাটাও ঘৰত প্ৰৱেশ কৰি নষ্ট কৰে বৃহৎ পৰিমাণৰ চুলাই মদ । লগতে চুলাই মদ প্ৰস্তুত কৰা বহু সামগ্ৰীও নষ্ট কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে । কেইবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে কেইবাজনো ব্যৱসায়ীক আটক কৰে আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ।

এনেদৰে দিনে নিশাই অপৰাধীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গ্ৰহণ কৰা তৎপৰতাই নিদ্ৰা হৰিছে অপৰাধীৰ । আনন্দ মিশ্ৰৰ এনে অভিযান অব্যাহত থাকিলে নিশ্চিতভাৱেই জিলাখনত অপৰাধ নিৰ্মূল হ'ব বুলি আশা প্ৰকাশ কৰিছে নগাঁওবাসীয়ে ৷

লগতে পঢ়কঃ পুনৰ বৃদ্ধি হ'ল পে'ট্ৰল-ডিজেলৰ মূল্য

ABOUT THE AUTHOR

...view details