অসম

assam

ETV Bharat / state

এখন সুন্দৰ পৃথিৱীৰ কামনাৰে গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন

গান্ধাৰৰ প্ৰচেষ্টাত কৰ'ণা মহামাৰীৰ পৰা মুক্তি লাভ কৰি পুনৰ এখন সুন্দৰ পৃথিৱী কামনাৰে আৰম্ভ কৰা হৈছিল এটি গীতৰ কাম ৷ গীতটিৰ অসমীয়া সংস্কৰণৰ পাচত শুকুৰবাৰে নগাঁৱত উন্মোচন কৰা হয় একেটি গীতৰে হিন্দী সংস্কৰণ ৷

By

Published : Sep 11, 2020, 7:47 PM IST

গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন
গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন

নগাঁও, 11 ছেপ্তেম্বৰ:কৰ'ণা মহামাৰীৰ ত্ৰাসৰ মাজতে সংগীত ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ উদ্দেশ্যে কাম কৰি আহিছে নগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰে ৷ গান্ধাৰৰ প্ৰচেষ্টাত কৰ'ণা মহামাৰীৰ পৰা মুক্তি লাভ কৰি পুনৰ এখন সুন্দৰ পৃথিৱী কামনাৰে আৰম্ভ কৰা হৈছিল এটি গীতৰ কাম ৷ গীতটিৰ অসমীয়া সংস্কৰণৰ পাচত শুকুৰবাৰে নগাঁৱত উন্মোচন কৰা হয় একেটি গীতৰে হিন্দী সংস্কৰণ ৷ গান্ধাৰৰ প্ৰযোজনাৰ এই গীতটোত কণ্ঠদান কৰে কণ্ঠশিল্পী তৰালী শৰ্মা, ৰূপম ভূঞা, মধুস্মৃতা, পদ্মনাভ বৰদলৈ, টুটুমণিকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ৷ নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণমণি নাথ, অনিন্দিতা পাল আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া ৷

এখন সুন্দৰ পৃথিৱীৰ কামনাৰে গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন

ABOUT THE AUTHOR

...view details