নগাঁও,১৯ মে':ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি । পাষাণ পুত্ৰৰ নিৰ্লজ্জ কাণ্ড । ভূমিৰ লোভতেই পুত্ৰই হত্যা কৰিলে ৯০ বছৰীয়া পিতৃক(90 year old father killed by son for land greed) । নগাঁৱৰ ৰূপহীহাটৰ নাঙলধোৱাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা(Sensation in Nangaldhwa of Rupahihat in Nagaon)।
অভিযোগ অনুসৰি, প্ৰায় এক সপ্তাহ পূৰ্বে ৰূপহীহাটৰ নাঙলধোঁৱা গাঁৱৰ ইমান আলী নামৰ ৯০ বছৰীয়া বৃদ্ধ লোকজনক মাটি বাৰীক কেন্দ্ৰ কৰি প্ৰহাৰ কৰিছিল পুত্ৰ ইব্ৰাহিম আলীয়ে । লগে লগে আঘাতপ্ৰাপ্ত ইমান আলীক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও বুধবাৰে হস্পিতালত মৃত্যু হয় পিতৃ ইমান আলীৰ ।