নগাঁও, 28 ছেপ্টেম্বৰ : নগাঁও জিলাত পুনৰ পোহৰলৈ আহিছে আন এক আচহুৱা ঘটনা ৷ কেইদিনমান পূৰ্বে জিলাখনৰ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এটা ভিডিঅ’ই সকলোকে আচৰিত কৰি তুলিছিল ৷ সেই আজৱ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ নগাঁও জিলাৰ ননৈত এটা পৰিয়াল মুখামুখি হৈছে কেতবোৰ অস্বাভাৱিক ঘটনাৰ ৷ ননৈৰ কচুপিত গাঁৱৰ এজন লোকৰ ঘৰত সংঘটিত হ’বলৈ ধৰা কেতবোৰ কাণ্ডক লৈ এতিয়া ত্ৰস্তমান হৈ পৰিছে পৰিয়ালটোৰ লগতে অঞ্চলবাসীও ৷
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত আপুনি ভূত অথবা কোনো অদৃশ্য শক্তিৰ স্থিতি বিশ্বাস নকৰাতোৱেই স্বাভাৱিক ৷ এই ঘটনাও হয়তো বহুতে বিশ্বাস কৰিবলৈ টান পাব বা অবাস্তৱ বুলিয়েই ভাবিব ৷ কিন্তু শুনিবলৈ আচহুৱা যেন লাগিলেও এই ঘটনাই নগাঁও জিলাৰ ননৈৰ পৰিয়ালটোৰ শান্তি নোহোৱা কৰিছে । কিয়নো ঘৰৰ ভিতৰত ৰহস্যজনকভাৱে অনিষ্ট হ’বলৈ ধৰিছে বিভিন্ন সামগ্ৰী । যাৰ বাবে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে এয়া কোনো অদৃশ্য শক্তিৰ কাৰ্য-কলাপ ৷
ঘৰখনত দিনে নিশাই ঘটিছে বহু আজৱ ঘটনা ৷ অদৃশ্য শক্তিয়ে বহু অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে গৃহস্থই ৷ হৰেণ বৰুৱা নামৰ লোকজনে জানিবলৈ দিয়া মতে, তেওঁৰ বাসগৃহত প্ৰায় ডেৰ মাহ ধৰি কোনো অদৃশ্য শক্তিয়ে অত্যাচাৰ কৰি বহু সামগ্ৰী অনিষ্ট কৰিছে ৷ নিশাটো বাদেই দিন দুপৰতে ঘৰৰ ভিতৰত যেনিয়ে তেনিয়ে ঘৰৰ সামগ্ৰী লাঠিৰে কোবাই অনিষ্ট কৰে সেই অদৃশ্য শক্তিয়ে ৷