নগাঁও, 8 জুলাই : বিগত কেইটামান দিনত ৰকিবুল হুছেইনে বেছ দৃষ্টি আকৰ্ষণ কৰিছে নগাঞা ৰাইজৰ ৷ সৌ সিদিনা বটদ্ৰৱাৰ কোৱাৰেন্টাইন চেন্টাৰত গৈ গামোচা পিন্ধাৰ পাচত বুধবাৰে ৰকিবুল হুছেইনে নিজ সমষ্টিত আয়োজন কৰিলে সম্বৰ্ধনা সভা ৷ পিচে ৰকিবুল হুছেইন গৈ পোৱাৰ পূৰ্বেই কোনোৱে তলা ওলোমাই থয় সভাগৃহৰ প্ৰৱেশদ্বাৰত ৷
বুধবাৰে গৃহ সমষ্টি চামগুৰিত একাংশৰ বাধাকো নেওচি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰকিবুল হুছেইনে। সমষ্টিটোৰ মাগুৰমাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰিছিল যদিও ৰকিবুল হুছেইন উপস্থিত হোৱাৰ পূৰ্বেই সভাগৃহত তলা লগাই দিয়ে একাংশই ।
ৰকিবুল হুছেইনৰ অনুষ্ঠানত কোনে লগালে তলা ? কোভিড ১৯ এ সৃষ্টি কৰা পৰিবেশৰ মাজতো সমষ্টিবাসীৰ কাষত থিয় দিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সভাগৃহৰ সমীপতে অনুষ্টুপীয়াকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ বাবে আহ্বান জনোৱা মতে নিৰ্ধাৰিত সময়তেই ছাত্ৰ-ছাত্ৰীক সামাজিক দূৰত্ব বজায় ৰাখি সম্বৰ্ধনা জনোৱা হয় ৷ সভাগৃহত তলা লগোৱা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । লগতে হাজাৰ বাধাক অতিক্ৰমী হ'লেও সদায় সমষ্টিবাসীৰ কাষত থাকিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। ইয়াৰ প্ৰত্যুত্তৰ ২০২১ ৰ নিৰ্বাচনত ৰাইজে বিজেপিক দিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক :গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ