কলিয়াবৰ, 5 নৱেম্বৰ :পথাৰ আমাৰ-বজাৰ আমাৰ_ এই লক্ষ্যৰে কলিয়াবৰত ৬ জনকৈ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । প্ৰায় 40 বিঘা মাটিত ৰবি শস্যকে ধৰি শীতকালীন বিভিন্ন শাক-পাচলিৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কেইগৰাকীমান শিক্ষিত যুৱকৰ । দুচকুত হেজাৰ সপোন লৈ কৃষি বিপ্লৱৰ জৰিয়তে কলিয়াবৰৰ নলতলিৰ কেইবাগৰাকীও যুৱকে ৰচিছে নতুন দিগন্তৰ পথ ৷
কলম এৰি নাঙলত ধৰি কৃষি বিপ্লৱৰ সূচনা কৰিব বিচৰা কলিয়াবৰৰ নলতলিৰ প্ৰণৱজ্যোতি বৰা পূৰ্বতে জড়িত আছিল সাংবাদ জগতৰ লগতো ৷ প্ৰণৱজ্যোতি বৰাৰ নেতৃত্বতে কলিয়াবৰৰ উলুৱনীত এতিয়া কেইবাগৰাকীও শিক্ষিত যুৱকে ৰঁচিছে শস্য শ্যামলাৰ সপোন । বহল পৰিসৰত কৰা এই কৃষি ভূমিত ৰৱি শস্যকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজনকো উপাৰ্জনৰ পথ উলিয়াই দিবলৈ সক্ষম হৈছে প্ৰণৱজ্যোতি বৰাই ।