অসম

assam

ETV Bharat / state

কলিয়াবৰত "সৌভাগ্য" আঁচনিয়ে আনিলে দুৰ্ভাগ্য

"ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দুৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত । গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়া কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । আঁচনিৰ কাম ৰূপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ"

কলিয়াবৰত "সৌভাগ্য" আঁচনিয়ে আনিলে দুৰ্ভাগ্য

By

Published : Jun 26, 2019, 11:22 AM IST

নগাঁও, 26 জুনঃ কলিয়াবৰত ঠিকাদাৰৰূপী আমছু নেতাৰ অতপালি ৷ সৌভাগ‍্য আঁচনিৰ নামত দুখীয়া ৰাইজৰ পৰা ধন দাবী ৷ অভিযুক্ত আমছু নেতা মোজাহিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ৷ কলিয়াবৰৰ বৰঘূলিত 'সৌভাগ্য আচঁনি'ৰ নামত প্ৰহসন । ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দুৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত । গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । আঁচনিৰ কাম ৰপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ । আমছু নেতাক বিচৰা ধন নিদিলে সম্পূৰ্ণ নহয় আঁচনিৰ কাম । কলিয়াবৰৰ 3 নং বৰঘূলীত 'সৌভাগ্য আচঁনি'ৰ কাম লাভ কৰা মূল ঠিকাদাৰ লোকনাথ ডেকাৰ পৰা উপ-ঠিকা লৈ আঁচনিৰ কাম ৰূপায়নৰ নামত মইমতালি কৰিছে বৰঘূলী অঞ্চলৰে যুৱক তথা আমছুৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মুজাহিৰুল ইছলামে । বিদ্যুৎ সংযোগ দিয়াৰ বাবে ৰাইজৰ পৰা 20 হাজাৰ টকা দাবী কৰিছিল আমছু নেতা মুজাহিৰুলে । বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গৰাখহনীয়াত বিপৰ্যস্ত, সংখ্যালঘূ বসতি প্ৰধান 3 নং বৰঘূলিৰ ৰাইজে বিদ্যুৎৰ পোহৰ লাভ কৰাৰ আশাত ইতিমধ্যে 10 হাজাৰ টকা দিছে আমছু নেতা মুজাহিৰুল ইচলামক । তাৰ পিচতো বন্ধ কৰি ৰাখিছে অঞ্চলটোত বিদ্যুৎ সংযোগৰ কাম । ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিচতো গা লৰা নাই মুজাহিৰুলৰ । ওলোটাই ৰাইজকহে মাৰপিট কৰাৰ ভাবুকি দিয়ে আমছু নেতা মুজাহিৰুলে । অৱশেষত নিজকে কলিয়াবৰ জিলা আমছুৰ নেতা পৰিচয় দিয়া মুজাহিৰুল ইছলামৰ বিৰুদ্ধে চুলুং আৰক্ষীত এজেহাৰ দাখি কৰে 3 নং বৰঘূলীৰ ভুক্তভোগী ৰাইজে ।

কলিয়াবৰত "সৌভাগ্য" আঁচনিয়ে আনিলে দুৰ্ভাগ্য

ABOUT THE AUTHOR

...view details