নগাঁও, ২৭ অক্টোবৰ:ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰুৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Smuggling cattles seized at Rupahihat)। কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই চোৰাং গৰুৰ সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে ৰূপহীহাটত জব্দ কৰা হৈছে ২৩ টাকৈ গৰু ।
মধ্য অসমৰ ৰূপহীহাট,চামগুৰি আদি অঞ্চলত চোৰাংকৈ গৰু সৰবৰাহ অব্যাহত আছে । সমান্তৰালকৈ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান (Cattle smuggling in Nagaon)। বিগত কেইবাদিনো ধৰি নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়েও অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে এনে অভিযান ।
আৰক্ষীৰ অভিযানৰ মাজতেই এটা চক্ৰই বহিঃৰাজ্য তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে । বৃহস্পতিবাৰেও ৰূপহীহাট থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় ৰূপহীহাটৰ হাতীপাৰা অঞ্চলত । মেঘালয় হৈ বাংলাদেশলৈ ২৩ টাকৈ গৰু সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত গৰুভৰ্তি বাহনখন জব্দ কৰে আৰক্ষীয়ে । হাতীপাৰা অঞ্চলৰ পৰাই গৰু সৰবৰাহৰ চেষ্টা চলোৱা HR 38 R 7855 নম্বৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰে ।