ৰূপহীহাট,13 মে': ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন স্থানত বিভিন্ন সময়ত জব্দ হৈ আহিছে চোৰাং গৰু ৷ তাৰ মাজতে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰূপহীহাটৰ জুৰীয়া আৰক্ষীৰ অভিযান ৷ বুধবাৰে নিশা জুৰীয়া চাৰিআলিত অভিযান চলাই AS-04-BC-3872 নম্বৰৰ এখন টাটা ম’বাইল বাহনৰ পৰা 11 টা চোৰাং গৰুসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
জুৰীয়াত 11 টা গৰু সহ আটক চোৰাং সৰবৰাহকাৰী - জুৰীয়া আৰক্ষী
বুধবাৰে নিশা জুৰীয়া চাৰিআলিত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই AS-04-BC-3872 নম্বৰৰ এখন টাটা ম’বাইল বাহনৰ পৰা 11 টা চোৰাং গৰুসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ডিব্ৰুগড়ৰৰ পৰা মৰিগাঁৱৰ মৈৰাবাৰীলৈ লৈ গৈ থকা অৱস্থাত সৰবৰাহকাৰীসহ গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

জুৰীয়াত চোৰাং গৰুসহ সৰবৰাহকাৰী আটক
জুৰীয়াত 11 টা গৰু সহ আটক চোৰাং সৰবৰাহকাৰী
আৰক্ষীয়ে জনোৱা মতে, গৰুকেইটা ডিব্ৰুগড়ৰৰ পৰা মৰিগাঁৱৰ মৈৰাবাৰীলৈ লৈ গৈ থকা অৱস্থাত জুৰীয়া আৰক্ষীয়ে গৰুসহ উৰিয়মঘাটৰ আমিনুল হক আৰু কুঠৰিৰ আমিৰ হুছেইন নামৰ দুজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ বাহনখনত গৰু সৰবৰাহৰ কোনো কাগজ পাতি নোহোৱাকৈ কেনেকৈ ডিব্ৰুগড়ৰৰ পৰা জুৰীয়া পালেহি তাক লৈ এতিয়া ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক:চুৰি স্কুটীসহ ড্ৰাগছ সৰবৰাহকাৰী আটক
Last Updated : May 13, 2021, 10:58 AM IST