অসম

assam

ETV Bharat / state

নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে - নিম্নগামী কেঁচাপাতৰ মূল্য

চাহপাতৰ মূল্য প্ৰতি কেজিত ২০ টকাৰো অধিক হ্ৰাস হোৱাত মুৰে কপালে হাত দিব লগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । কেঁচা চাহপাতৰ নিম্নগামী মূল্যৰ বাবে এতিয়া বিপাঙত পৰিছে নগাঁৱৰ চাপানালাৰ ডেৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়ক । ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনা সমস্যাই নাই বুলি মন্তব্য প্ৰকাশ কৰা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক উভতি ধৰিছে ৰাজ্যৰ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে ।

small tea growers are in danger with dowmgoing price of raw tea leaves
নিম্নগামী কেঁচাপাতৰ মূল্য: দিক-বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে

By

Published : Jul 23, 2021, 5:17 PM IST

চামগুৰি, 23 জুলাই : ৰাজ্যজুৰি ক্ষুদ্ৰ চাঁহ খেতিয়কসকল ক্ষতিগ্ৰস্ত হৈ থকাৰ সময়তে কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত ২০ টকাৰো অধিক হ্ৰাস হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । সাৰ, কীটনাশক, শ্ৰমিক মজুৰি আদি প্ৰদানৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাত পৰিছে ক্ষুদ্ৰ ব্যক্তিগত চাহ বাগিছাসমূহৰ মালিক পক্ষ । আনকি কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাৰ ফলত পৰিয়াল পোহপাল দিবলৈও অপাৰগ হৈ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল ।

নিম্নগামী কেঁচাপাতৰ মূল্য: দিক-বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে

ইমানৰ পিছতো চলিত বাজেত অধিৱেশনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কোনো ধৰণৰ পুঁজি ধাৰ্য নকৰাৰ বাবে সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । কিন্তু, অতি উদ্বেগজনকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনা সমস্যাই নাই বুলি মন্তব্য প্ৰকাশ কৰা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক (Chandramohan Patowary) উভতি ধৰিছে ৰাজ্যৰ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে । ইফালে কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাৰ মূলতে "ভাৰতীয় চাহ বোৰ্ড"এ নিৰ্ধাৰণ কৰা TMCৰ কোনো নীত-নিৰ্দেশনা পালন নকৰা একাংশ বণিয়া গোষ্ঠীৰ ষড়যন্ত্ৰ বুলিও অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাত দলটোৰ সৈতে কেঁচা চাহপাতৰ ওপৰত এটা নূন্যতম সমৰ্থন মূল্য (minimum support price) আৰোপৰ বিষয়ে কথা হোৱাৰ কথা টুইটযোগে অৱগত কৰে মন্ত্ৰী গৰাকীয়ে ৷

কেঁচা চাহপাতৰ নিম্নগামী মূল্যৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে এতিয়া বিপাঙত পৰিছে নগাঁৱৰ চাপানালাৰ ডেৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়ক (small tea growers) । ক’ভিড সৃষ্ট পৰিৱেশত এইদৰে এতিয়া নিম্নগামী হোৱা কেঁচাপাতৰ মূল্যৰ বাবে দিক বিদিক হেৰুৱাইছে চাপানালাৰ এই সকল ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ সম্প্ৰতি, বিভাগীয় মন্ত্ৰী গৰাকীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ বিষয়টো আন্তৰিকতাৰে দৃষ্টিগোচৰ কৰিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে খেতিয়ক সকলে কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

ABOUT THE AUTHOR

...view details