কলিয়াবৰ, 1 নৱেম্বৰ : সোমবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ৷ উল্লেখ্য যে, চাহ কল স্থাপন, চাহ সঞ্চালকালয়ৰ আঁচনি সম্পৰ্কত, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ আৰু সাহায্য সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহৰ বজাৰ সম্পৰ্কে সোমবাৰৰ এই সভাত আলোচনা কৰা হয় ।
ক্ষুদ্ৰ চাহ খেতিয়কক কি আশ্বাস দিলে মন্ত্ৰী কেশৱ মহন্তই ? - সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা
কলিয়াবৰত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যনিৰ্বাহকত সভাত মন্ত্ৰী কেশৱ মহন্তৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সামগ্ৰীক সমস্যা দূৰীকৰণৰ আশ্বাস ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্থাৰ চাহ বিষয়ক কৰ্মশালা ৷
ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ প্ৰমাত কমল বেজবৰুৱা, কাৰ্যবাহী সঞ্চালক অনুৰীতা ফুকন যাদৱ, ভাৰতীয় চাহ ব'ৰ্ড উত্তৰ-পূৱ, ৰমেনলাল বৈশ্য, অসম চৰকাৰৰ চাহ ব’ৰ্ডৰ সঞ্চালক, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি-সম্পাদক তথা বিষয়-ববীয়াও এই সভাত উপস্থিত থাকে ।
অসম চৰকাৰৰ তৰফৰ পৰা ক্ষুদ্ধ চাহ খেতিয়কৰ সামগ্ৰীক উন্নয়নত অসম চৰকাৰে গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো এই সভাত আলোচিত হয় ৷ এই বিষয়ত মন্ত্ৰী কেশৱ মহন্তয়ো আশ্বাস প্ৰদান কৰে । ইয়াৰ লগতে, সোমবাৰৰ দিনটোত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্থাৰ তৰফৰ পৰা চাহ বিষয়ক এখনি কৰ্মশালাও অনুষ্ঠিত হয় ।
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !