অসম

assam

ETV Bharat / state

কেঁচা চাহপাত নিম্নগামী মূল্যই বিপাঙত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক - tea garden

কৰ'ণাৰ কালৰ ছাঁয়া অসমত অস্বাভাৱিকভাৱে কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে ৷ মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল পৰিছে বিপাঙত ৷

Small Tea Farmers are in huge trouble
কেঁচা চাহপাত মূল্য হ্ৰাস

By

Published : Aug 1, 2021, 1:00 PM IST

কলিয়াবৰ,1 আগষ্ট :সমগ্ৰ দেশ তথা ৰাজ্যতেই ক'ভিড মহামাৰীয়ে (Covid-19) এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বহুলোকে ইতিমধ্যে হেৰুৱাইছে কৰ্মসংস্থাপন ৷

সমান্তৰালকৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ চাহ বাগানৰ পৰা উৎপাদিত কেঁচা পাতসমূহ যি মূল্যত বিক্ৰী কৰিব লাগিছিল ৷ কিন্তু তাৰ বিপৰীতে তেনেই সীমিত মূল্যতেই বিক্ৰী কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত বহু লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে চাহ খেতিয়কসকল ৷

বিশেষকৈ কলিয়াবৰৰ বামুণী অঞ্চলৰ প্ৰায় ২৫০ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

কেঁচা চাহপাত মূল্য হ্ৰাস

লগতে পঢ়ক:কেঁচা চাহপাতৰ মূল্যবৃদ্ধিৰ দাবীৰে কলিয়াবৰত প্ৰতিবাদ

কিয়নো হুৰা-হুৰে কমিছে কেঁচা চাহ পাতৰ মূল্য ৷ ফলত শ্ৰমিকক হাজিৰা দিবলৈয়ো অসমৰ্থ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলো ৷ যি আশা কৰি ক্ষুদ্ৰ চাহ বাগান আৰম্ভ কৰিছিল, তাৰ বিপৰীতে নিৰাশ হে হোৱা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, কলিয়াবৰৰ বামুণী অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰত্যেক দিনাই বৃহৎ পৰিমাণৰ চাহপাত ৰপ্তানি হয় । কিন্তু বৰ্তমান চাহপাতৰ মূল্য হ্ৰাসৰ বাবেই চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰকাৰক কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰি সকাহ দিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে

ABOUT THE AUTHOR

...view details