নগাঁও,20 এপ্ৰিল: পুনৰ লক ডাউন হ’লে খাটি খোৱা লোকৰ জীৱনলৈ নামি আহিব ঘোৰ অন্ধকাৰ । সেয়ে ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউনৰ শংকাত সকলোকে ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ এইবাৰ আহ্বান জনাইছে সাধাৰণ লোকে । অতি সাধাৰণ এইসকল লোকে নিজেও পৰিধান কৰিছে মাস্ক, মানি চলিছে শাৰীৰিক দুৰত্ব ৷
দেশত এতিয়া আৰম্ভ হৈছে ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ ৷ এই ঢৌত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা । ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ । যাৰ বাবে এতিয়া পুনৰ লক ডাউনৰ দুঃচিন্তাত ভূগিছে খাটি খোৱা সৰ্বসাধাৰণ লোকসকলে । পুৱাই নিজ নিজ কৰ্মস্থলীলৈ ওলাই নগ’লে সন্ধিয়াৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰা এইসকল লোকক এতিয়া এফালে কৰ'ণাৰ ভয়, আনফালে লক ডাউনৰ শংকাই অধিক চিন্তিত কৰি তুলিছে ।