অসম

assam

ETV Bharat / state

নগাঁৱৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ পাঠদান - স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক

নগাঁও জিলাত ক’ভিডৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পাইছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে সকলো চৰকাৰী, বে- চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ঘোষণা কৰিছে ৷ ৮ মে' লৈকে অব্যাহত থাকিব এই বন্ধ ৷

six to ten class will be close in nagaon due covid etv bharat news
নগাঁৱত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ পাঠদান

By

Published : Apr 26, 2021, 10:29 PM IST

নগাঁও, 26 এপ্ৰিল :ক'ভিডজনিত পৰিস্থিতিৰ বাবে নগাঁও জিলা প্ৰশাসনে জিলাৰখনৰ সকলো চৰকাৰী, বে- চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ঘোষণা কৰিছে । ৮ মে' লৈকে এই বন্ধ অব্যাহত থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে । ইতিপূৰ্বে জিলাখনৰ প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম মান শ্ৰেণীলৈ সকলো চৰকাৰী, বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছিল জিলা প্ৰশাসনে ।

জিলাখনত বিগত কেইদিনত ক'ভিডৰ দ্বিতীয় লহৰত শতাধিক লোক আক্ৰান্ত হোৱাত নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগত ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি জিলাখনৰ চৰকাৰী, বে- চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ তৎকালীনভাৱে পাঠদান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে, নগাঁও জিলাত সোমবাৰ পৰ্যন্ত ৫৫২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । পাঠদান বন্ধ কৰা সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰা হ’ব আৰু পৰিস্থিতি উন্নত হ'লে পুনৰ পাঠদান আৰম্ভ হ'ব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক :বৰপেটাৰোডত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details