নগাঁও, 23 জানুৱাৰী:অসমত কোনো মাওবাদী নাই আৰু অসমত যদি মাওবাদীৰ সৃষ্টি হয় তেন্তে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব বুলি মন্তব্য কৰি শনিবাৰে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়ে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণৰ দিনটোতেই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰি নগাঁৱত নৱগঠিত ৰাইজৰ দলে বিনাচৰ্তে অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী উত্থাপন কৰে ৷
শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুক্তিৰ দাবীত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াই মন্তব্য কৰে যে, অখিল গগৈক কাৰাবন্দী কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজি বিজেপিয়ে ভুল কৰিছে ৷