অসম

assam

ETV Bharat / state

এশ শতাংশ উত্তীৰ্ণৰে কুৱৰীটোল শিশু বিদ্যাপীঠৰ সাফল্য - SEBA

বিদ্যালয়খনৰ পৰা মুঠ 15 গৰাকীয়ে ডিষ্টিংচন, 13 গৰাকীয়ে ষ্টাৰ মাৰ্ক, 23 গৰাকীয়ে প্ৰথম বিভাগ, 93 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ আনহাতে বিদ্যালয়খনৰ পৰা চানিয়া বেগমে ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 99 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও প্ৰিয়ম্বদা কাশ্যপ নামৰ ছাত্ৰীগৰাকীয়ে সাধাৰণ গণিত বিষয়ত 100 শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ৷

শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়

By

Published : May 15, 2019, 4:27 PM IST

কলিয়াবৰ, 15 মেঃহাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিবৰ্ষতে 100 শতাংশ উত্তীৰ্ণৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এইখন হৈছে শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় ৷

কুৱৰীটোল শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়

বিদ্যালয়খনৰ পৰা প্ৰতিবছৰেই 100শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আহিছে ৷ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলিও 100 শতাংশ উত্তীৰ্ণ হৈছে বিদ্যালয়খনৰ পৰা ৷ বিদ্যালয়খনৰ পৰা মুঠ 15 গৰাকীয়ে ডিষ্টিংচন, 13 গৰাকীয়ে ষ্টাৰ মাৰ্ক, 23 গৰাকীয়ে প্ৰথম বিভাগ, 93 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ আনহাতে বিদ্যালয়খনৰ পৰা চানিয়া বেগমে ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 99 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও প্ৰিয়ম্বদা কাশ্যপ নামৰ ছাত্ৰীগৰাকীয়ে সাধাৰণ গণিত বিষয়ত 100 শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ৷

ABOUT THE AUTHOR

...view details