অসম

assam

ETV Bharat / state

ৰূপালী জয়ন্তী পালন আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ - বটদ্ৰৱা

বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰাত জিলিকি উঠিল বটদ্ৰৱা । বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰাত শনিবাৰে জিলিকি উঠিল বটদ্ৰৱা । দাঙি ধৰিলে সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা ।

ৰূপালী জয়ন্তী পালন আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ

By

Published : Apr 27, 2019, 7:36 PM IST

নগাঁও, ২৭ এপ্ৰিলঃ দুদিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন । ৰূপালী জয়ন্তী উপলক্ষ্য বাৰেৰহণীয়া সংস্কৃতিক শুভাযাত্ৰা ছাত্ৰ-ছাত্ৰীৰ । শুভাযাত্ৰাত শ্ৰীকৃষ্ণ ৰথৰ ওপৰত উঠাৰ লগে লগে গায়ণ-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ ৰাজ পথ । শুভযাত্ৰাত অংশ লৈ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী ।

ৰূপালী জয়ন্তী পালন আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ

শনিবাৰে বটদ্ৰৱাৰ আইলক্ষ্মী আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে বাৰেৰহণীয়া সংস্কৃতিক শুভাযাত্ৰাই জীপাল কৰি তুলে ৰূপালী জয়ন্তী উৎসৱ । সাংস্কৃতিক শুভাযাত্ৰা শুভ উদ্বোধন কৰে ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে ।

আৰু পঢ়কঃ ৰোহিংগীয়াৰ পৰিস্থিতিৰ বিষয়ে পাহৰি নাযাবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান

১৯৮৬ চনতে স্থাপিত বটদ্ৰৱাৰ ন-সত্ৰস্থিত শিক্ষানুষ্ঠান আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ে এই বছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে । সেয়ে ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰূপালী জয়ন্তী ।

ABOUT THE AUTHOR

...view details