চামগুৰি, 13 অক্টোবৰ : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ অন্যতম অনুষ্ঠান "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত পুৰণিগুদামৰ বাপুজী ভৱন ও পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ এক মননশীল কাৰ্যসূচী । উদযাপন সমিতিৰ সভাপতি মণিমাধৱ মহন্ত আৰু প্ৰেছ’ ক্লাৱৰ সভাপতি তপন কটকীয়ে সমান্তৰালভাৱে শাৰদীয় শিশু গ্ৰন্থমেলাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰাৰ পিছতেই নিমন্ত্ৰিত মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত হোৱা পৰাগমণি আদিত্যৰ লগতে জ্যেষ্ঠ সাংবাদিক সুনিল বৰাক আদৰণি জনাই প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই ।
সমান্তৰালভাৱে অনুষ্ঠানটিত সমবেত হোৱা বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গণ্যমান্য ব্যক্তিৰ সন্মুখত ৯ জনকৈ ন'-পুৰণি চিত্ৰশিল্পীয়ে কেনভাচত চিত্ৰ অংকন কৰি মন্ত্ৰমুগ্ধ কৰে উপস্থিত সকলোকে । ইফালে বিভন্ন ক্ষেত্ৰত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সুদক্ষ নাট্যশিল্পী দীপক বৰা, ভাস্কৰ্য তথা চিত্ৰশিল্প বিপুল বৰা, চুটিছবিৰ পৰিচালক তথা কবি ইন্দ্ৰনীল গায়নৰ লগতে ভাস্কৰ্য শিল্পী অভিনাশ ভূঞাক সম্বৰ্ধনা জনোৱাৰ পিছতেই ২০২০ বৰ্ষত অনুষ্ঠিত হৈ যোৱা অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাত স্থান প্ৰাপক শিশু সকলৰ মাজত বঁটা বিতৰণ কৰা হয় ৷