কলিয়াবৰ, ১০ মাৰ্চ:কিয় নিৰ্ধাৰিত সময়ত নচলে শিলঘাট-গুৱাহাটী ডেমু (DEMU) ৰে'ল ? কিয় প্ৰতিদিনেই যাত্ৰীসকল হ'ব লগা হয় সমস্যাৰ সন্মুখীন ? নানান সমস্যাৰে ভাৰাক্ৰান্ত ৰে'খনৰ ক্ষেত্ৰত গুৰুত্ব নাই উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ(NEF Railway does not have any importance) ।
অসমৰ অন্যতম পুৰণি ৰে'ল ষ্টেচনটোৰ পৰা চলাচল কৰে কেইবাখনো ৰে'লে । প্ৰধানকৈ স্থানীয় যাত্ৰীৰ সহায় হোৱাকৈ প্ৰতি পুৱা শিলঘাট ষ্টেচনৰ পৰা গুৱাহাটীলৈ দৈনিক চলাচল কৰে শিলঘাট-গুৱাহাটী ডেমু (DEMU) ৰে'লখন । অস্বাভাৱিক বাছ ভাড়াত কোঙা সাধাৰণ জনতাক বহু গুণে সকাহ দি আহিছিল এই ৰে'লখনে । সীমিত ভাড়াৰ বাবে বহু সংখ্যক যাত্ৰী নিৰ্ভৰশীল এই ৰে'লখনৰ ওপৰত ।
কিন্তু শেহতীয়াকৈ এই ৰে'লসেৱা ৰাইজৰ বাবে হৈ পৰিছে সমস্য়াৰ ভঁড়াল । প্ৰায়েই ৰে'লখনত হোৱা বিজুতিৰ পিছতো আজিলৈকে ইয়াৰ স্থায়ী মেৰামতি নহ'ল । দৈনিক পুৱা ৬ বজাত শিলঘাটৰ পৰা যাত্ৰা কৰিবলগীয়া ৰেলখনে প্ৰায়েই যান্ত্ৰিক বিজুতিৰ বাবে ৮ পৰা ৯ বজাত যাত্ৰা কৰে গুৱাহাটীলৈ । নিশা ৮:৩০ বজাত শিলঘাট পাবলগীয়া পেচেঞ্জাৰ ৰেলখনে নিশা ১১ ৰ পৰা ১২ বাজে শিলঘাট পাবলৈ ।