কলিয়াবৰ,7মে': জহিখহি গৈছে দেশৰ ৰে'লৰ মানচিত্ৰত স্থান লাভ কৰা তথা ব্ৰিটিছে স্থাপন কৰা শিলঘাট ৰে'ল ষ্টেচন ৷ ষ্টেচনটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । ষ্টেচনটোৰ আধুনিকীকৰণৰ বাবে 2017 বৰ্ষতে ৰে'ল বিভাগে মোকলাই দিছিল সোতৰ কোটি টকা ৷ য'ত আছিল উন্নত মানৰ চিমেণ্ট কংক্ৰিট ব্লকৰ ওখ প্লেটফৰ্ম, পিটলেন আৰু চিনলেন নিৰ্মাণৰ পৰিকল্পনা ।
আধুনিকীকৰণৰ নামত শিলঘাট ৰে'ল ষ্টেচনত দুৰ্নীতিৰ অভিযোগ - train station
শিলঘাটৰ ৰে'ল ষ্টেচনটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতি ৷ নিৰ্মাণৰ পাঁচ মাহতেই খহিল চিমেণ্ট কংক্ৰীট ব্লকৰ প্লেটফৰ্ম ৷ ঠিকাদাৰ আৰু ৰে'ল বিভাগৰ গোপন মিতিৰালিৰ অভিযোগ উত্থাপন
শিলঘাট ৰে'ল ষ্টেচনত নিৰ্মাণৰ পাঁচ মাহতেই খহিল কংক্ৰীট ব্লকৰ প্লেটফৰ্ম
কিন্তু বৰ্তমান নিম্নমানৰ কাম আৰু লেহেমীয়া গতিৰ বাবে বাবে জহিখহিহে যাবলৈ ধৰিছে এই ঐতিহাসিক ৰে'ল ষ্টেচনটো ৷ আনহাতে ৰে'ল ষ্টেচনটোৰ প্ৰৱেশ পথটোত কোনো নলা-নৰ্দমাৰ ব্যৱস্থা নথকাত এজাক বৰষুণতে পানী জমা হৈ যাত্ৰীৰ হাৰাশাস্তিৰ কাৰণ হৈ পৰিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷