অসম

assam

ETV Bharat / state

শিলঘাট আৰক্ষী চকী ঘেৰাও ক্ষুদ্ধ জনতাৰ

কলিয়াবৰৰ চামধৰা গাঁৱত শনিবাৰে নিশা তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত নিহত হৈছিল বাঘৰচুক গাঁৱৰ প্ৰশান্ত শইকীয়া নামৰ এজন মটৰ চাইকেল আৰোহী ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ ১৮ ঘণ্টাৰ পাছতো দোষীক কৰায়ত্ব কৰিব নোৱাৰাত ক্ষুব্ধ হৈ পৰে গাঁওবাসী ।

By

Published : Feb 14, 2021, 10:21 PM IST

Silghat PS Gherao at Kaliabor for An Accident
শিলঘাট আৰক্ষী চকী ঘেৰাও উত্তপ্ত জনতাৰ

কলিয়াবৰ, 14 ফেব্ৰুৱাৰী : কলিয়াবৰত শনিবাৰে নিশা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি দেওবাৰে উত্তপ্ত হৈ পৰে শিলঘাট আৰক্ষী চকী ৷ দেওবাৰে শতাধিক লোকে যুৱকজনৰ মৃতদেহ লৈ শিলঘাট আৰক্ষী চকী ঘেৰাও কৰে ৷

ট্ৰেক্টৰৰ খুন্দাত নিহত যুৱকজনক দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত শিলঘাট আৰক্ষী চকীৰ সন্মুখত জনতাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

শিলঘাট আৰক্ষী চকী ঘেৰাও উত্তপ্ত জনতাৰ

উল্লেখ্য যে, কলিয়াবৰৰ চামধৰা গাঁৱত শনিবাৰে নিশা তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত নিহত হৈছিল বাঘৰচুক গাঁৱৰ প্ৰশান্ত শইকীয়া নামৰ এজন মটৰ চাইকেল আৰোহী ৷ দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে ট্ৰেক্টৰখনৰ চালক ৷

নিশা প্ৰায় আঠ বজাত দুৰ্ঘটনা সংঘটিত হোৱা পাছত দেওবাৰে বিয়লিলৈকে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিব নোৱাৰাত শিলঘাট আৰক্ষী চকীৰ সমুখত ৰুদ্ৰমূৰ্তি ধাৰণ কৰে বাঘৰচুকৰ ৰাইজে । পৰিৱেশ অধিক উত্তপ্ত হৈ পৰাত জনতাক শান্ত কৰিবলৈ কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হয় ৷

লগতে পঢ়ক :সমষ্টিক লৈ স্থিতি স্পষ্ট নহয় দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিৰ

ABOUT THE AUTHOR

...view details