কলিয়াবৰ, 2 ডিচেম্বৰ : অচলাৱস্থাৰ এমাহ ৷ অসম সমবায় মৰাপাট কলত অচলাৱস্থা অব্যাহত ৷ যোৱা এমাহে কাম বন্ধ হৈ থকাত কলকৰ্মী-ব্যৱসায়ীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ কল কৰ্তৃপক্ষৰ, শ্ৰমিক আৰু মৰাপাট যোগানকাৰী সহমতত উপনীত হৈছিল ৷ দহ কোটি টকাৰ চৰকাৰী অনুদানেৰে মৰাপাট ব্যৱসায়ীৰ অনাদায়ী ধনৰ যোৰা মৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে বিভাগীয় নথি-পত্ৰ পৰীক্ষা তথা আনুসংগিক কাম-কাজত ব্যস্ত মিল কৰ্তৃপক্ষ ৷
যোৱা ২ নৱেম্বৰত সৃষ্টি হোৱা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত উৎপাদন বন্ধ হৈ পৰিছিল কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত । ইতিমধ্যে কল কৰ্তৃপক্ষ, শ্ৰমিক আৰু মৰাপাট যোগানকাৰী সহমতত উপনীত হৈছে । অনতিপলমে কলৰ চকা ঘূৰোৱাৰ বাবে পূৰ্ণোদ্যমে যাৱতীয় প্ৰস্তুতি চলি আছে শিলঘাটৰ মৰাপাট কলত । মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে পাব লগীয়া প্ৰাপ্য ধন নাপালেও কলটোৰ পুনৰ উৎপাদন শীঘ্ৰে আৰম্ভ কৰিবৰ বাবে আহ্বান জনাইছে কলটোলৈ মৰাপাট যোগান ধৰা ব্যৱসায়ী সকলে । অনাদায়ী ধনৰ পঞ্চাশ শতাংশ ধন পালেই পুনৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় মৰাপাট যোগান ধৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মৰাপাট ব্যৱসায়ীয়ে ৷