নগাঁও, 19 মে’ : এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ অব্যাহত আছে ব্যাপক চাঞ্চল্য । জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যৰ মাজতে অব্যাহত আছে চি আই ডিৰ অনুসন্ধান । ইয়াৰ মাজতে ইটিভি ভাৰতৰ হাতত আহি পৰিছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন (Death mystery of Junmoni Rabha) । নগাঁৱৰ জখলাবন্ধাত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা এছ আই জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে বহু চাঞ্চল্যকৰ তথ্য (Postmortem report of SI Junmoni Rabha) ।
প্ৰথমাৱস্থাত পথ দুৰ্ঘটনা আৰু পৰৱৰ্তী সময়ত মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হোৱা এছ আই জোনমণি ৰাভাৰ মৃতদেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হোৱা বুলি উল্লেখ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত (SI Junmani Rabha accident) । উল্লেখযোগ্য যে, বিগত 15 মে'ৰ নিশা নগাঁৱৰ জখলাবন্ধাত এখন কণ্টেইনাৰ ট্ৰাক আৰু এছ আই জোনমণি ৰাভাৰ এছ প্ৰেছ' বাহনৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ (Junmoni Rabha death case) ৷ কিন্তু জোনমণিৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে কেতবোৰ প্ৰশ্নবোধকৰ (SI Junmoni Rabha mysterious death) ।