কলিয়াবৰ, 16 মে’:বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয় (SI Junmoni Rabha ) ৷ কলিয়াবৰৰ সৰুভগীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত (Road accident at Kaliabar) মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ ৷ এই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পিচতে পুৱতি নিশা ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে (Nagaon SP Leena Doley) ৷
উল্লেখযোগ্য যে, আৰক্ষী বিষয়াগৰাকীয়ে AS 01 EN 7273 নম্বৰৰ ব্যক্তিগত বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰ বেগী কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ৷ ট্ৰাকখনৰ নম্বৰ UP 78 UT 4518 ৷ নিশা প্ৰায় ডেৰ বজাত শোকাৱহ ঘটনাটো সংঘটিত হয় । ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমনি ৰাভাক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।