নগাঁও, ২৫ মে':অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল নগাঁও সদৰ আৰক্ষী থানাৰ পৰা সদ্যবদলি হোৱা ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী (Nagaon OC Manoj Rajbongshi Suspended)। এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰাৰ পিচত নগাঁও সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা পৰিদৰ্শক মনোজ ৰাজবংশীক বুধবাৰে তৎকাল বলবৎ হোৱাকৈ বিভাগীয় এক নিৰ্দেশ অনুযায়ী সেৱাৰ পৰা নিলম্বিত কৰা হয় (SI Junmoni Rabha Death) ।
উল্লেখ্য যে, ১৫ মে'ত এক ৰহস্যজনক পথ দুর্ঘটনাত নগাঁৱৰ জখলাবন্ধাত নিহত হৈছিল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা (Junmoni Rabha mysterious death) । এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া আজিও অব্যাহত । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে হাতত লোৱাৰ পিচত তদন্ত প্ৰক্ৰিয়া চি বি আই লৈ হস্তান্তৰ কৰা হয় ৷ (CBI probe Junmoni Rabha Death Case)