নগাঁও, 29 মে’ : ‘‘মোক গাঁত খান্দি পুতি থওক ৷ নকওঁ মই একো কথা ৷ মোৰ ওপৰত একো গোচৰ নাই ৷ মাজুলীৰ গোচৰৰ সম্বন্ধে তদন্তৰ পাচতহে সকলো গম পাব’’ ৷ দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই মন্তব্য কৰে এছ আই জোনমণি ৰাভাই (SI Joonmoni Rabha controversy) ৷
উল্লেখ্য যে, দেওবাৰে সাধাৰণ পোচাকত নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় এছ আই জোনমণি ৰাভা (SI Joonmoni Rabha at Nagaon police station) । কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি সেই স্থানৰ পৰা পলায়ন কৰে এছ আই জোনমণি ৰাভাই । নিজৰ হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছিল ৰাণা পগাগৰ সৈতে জোনমণি ৰাভাও প্ৰৱঞ্চনাত জড়িত থকাৰ ন ন তথ্য ।