অসম

assam

ETV Bharat / state

Brush Stoke Short Film: নীলপৱন বৰুৱাৰ জীৱনভিত্তিক চুটি ছবিয়ে অৰ্জন কৰিলে খিতাপ

চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন আৰু শিল্পকৰ্মক লৈ নিৰ্মান তথ্যচিত্ৰ ৷ পাৰ্থজিৎ বৰুৱাৰ পৰিচালনাত নিৰ্মীত ব্ৰাছ ষ্ট্ৰ'ক (Brush Stoke Short Film)৷ মুম্বাইৰ চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ পাৰ্থজিৎ বৰুৱাৰ ৷ শ্ৰেষ্ঠত্বৰ সন্মান উচৰ্গা নীলপৱন বৰুৱাক শুশ্ৰূষা কৰা মৰমী আৰু জোনালীলৈ ৷

Brush Stoke Short Film
নীলপৱন বৰুৱাৰ জীৱনভিত্তিক চুটিছবিয়ে অৰ্জন কৰিলে খিতাপ

By

Published : Dec 14, 2022, 6:30 PM IST

নীলপৱন বৰুৱাৰ জীৱনভিত্তিক চুটিছবিয়ে অৰ্জন কৰিলে খিতাপ

নগাঁও, 14 ডিচেম্বৰ: এগৰাকী দুৰ্দান্ত প্ৰেমীক হিচাবে পৰিচিত সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাইছিল অলেখ চিত্ৰই ৷ নীলপৱণ বৰুৱাৰ পত্নী তথা কণ্ঠশিল্পী দিপালী বৰঠাকুৰৰ মৃত্যুৰ পাছত নিসংগ জীৱন কটোৱা বিশিষ্ট চিত্ৰশিল্পী নীলপৱণ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিক লৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰিছে এখন তথ্যচিত্ৰ যাৰ নাম ব্ৰাছ ষ্ট্ৰ'ক (Brush Stoke Short Film)৷

চিত্ৰশিল্পীগৰাকীৰ সৃষ্টিৰাজি আৰু জীৱনক লৈ নিৰ্মাণ কৰা এই তথ্যচিত্ৰই ইতিমধ্যে মুম্বাইত অনুষ্ঠিত চুটিছবি মহোৎসৱত স্থান লাভ কৰিছে । নীলপৱণ বৰুৱাক বিষয়বস্তু হিচাবে লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰা বিশিষ্ট ছবি পৰিচালক পাৰ্থজিৎ বৰুৱাই(Film director Parthajit Baruah) চুটি ছবি মহোৎসৱত লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান (Mumbai short film festival best film)। এই সন্মান লাভ কৰি স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে পাৰ্থজিৎ বৰুৱা ।

চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শিল্পকৰ্ম আৰু জীৱনৰ বিয়লি বেলাত এগৰাকী শিল্পীৰ অৱস্থাক সন্নিৱিষ্ট কৰা তথ্যচিত্ৰখনৰ জৰিয়তে ছবি ভালপোৱা অথবে ছবিৰ সৈতে জড়িত সকলো লোক উপকৃত হ'ব বুলিও আশাবাদী পৰিচালক পাৰ্থজিৎ বৰুৱা । চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ(Indian painter Neel Pawan Baruah) বহু সৃষ্টিৰাজি জহি খহি যোৱাৰ উপক্ৰম হোৱাৰো দৃশ্য সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰি সেই সৃষ্টিৰাজিক সংৰক্ষণ কৰিবলৈ বিভিন্ন পক্ষক অনুৰোধ জনায় পৰিচালক পাৰ্থজিৎ বৰুৱাই ।

উল্লেখ্য যে, পত্নীৰ মৃত্যুৰ পাছৰ পৰাই চিত্ৰশিল্পী নীলপৱন বৰুৱাক নিঃস্বাৰ্থভাৱে শুশ্ৰূষা কৰিছিল বিশেষকৈ দুগৰাকী যুৱতী মৰমী আৰু জোনালীয়ে । যাৰ বাবে মুম্বাই চুটিছবি মহোৎসৱত লাভ কৰা শ্ৰেষ্ঠ পৰিচালকৰ সন্মান মৰমী আৰু জোনালীলৈ উচৰ্গা কৰে পাৰ্থজিৎ বৰুৱাই ।

সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন আৰু সৃষ্টিৰাজিৰ ভিত্তিত তথ্যচিত্ৰ নিৰ্মান কৰি মুম্বাই চুটিছবি মহোৎসৱত(Mumbai international short film festival 2022) শ্ৰেষ্ঠ ছবি পৰিচালকৰ সন্মান লাভ কৰা নগাঁৱৰ পাৰ্থজিৎ বৰুৱাক লৈ গৌৰাম্বিত সমগ্ৰ ৰাজ্যবাসীৰ লগতে নগাঁৱৰ বিভিন্ন মহল ।

লগতে পঢ়ক :Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

ABOUT THE AUTHOR

...view details