অসম

assam

ETV Bharat / state

কলিয়াবৰত শিল্পী দিৱস উদযাপন

কলিয়াবৰ শাখা সাহিত‍্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ জিলা পৰিষদ আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত উদযাপন কৰা হয় শিল্পী দিৱস ।

কলিয়াবৰত শিল্পী দিৱস উদযাপন
কলিয়াবৰত শিল্পী দিৱস উদযাপন

By

Published : Jan 17, 2021, 5:09 PM IST

নগাঁও, ১৭ জানুৱাৰী: আজি শিল্পী দিৱস । সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপৰকোঁৱৰ, অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ, লেখক জ্যোতি প্ৰসাদ আগৰৱালাক । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয় । দেওবাৰে জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্য়ৰ আকাশ বতাহ মুখৰ হয় ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে । তেওঁৰ স্মৃতিত দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱস । কলিয়াবৰ শাখা সাহিত‍্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ জিলা পৰিষদ আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত উদযাপন কৰা হয় শিল্পী দিৱস ।

কুসুম ডেকাৰ কবিতা পুথি 'অথিৰ বিশ্ব' উন্মোচন

ৰূপকোঁৱৰক স্মৰণ কৰি কেইবাটাও অনুষ্ঠান উমৈহতীয়াকৈ উদযাপন কৰা হয় । বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানতে পুৰস্কৃত কৰা হয় । লগতে কলিয়াবৰ শাখা সাহিত‍্য সভাই আয়োজন কৰা সাহিত‍্যচাৰ্য‍্য মহিম বৰা সোঁৱৰণী গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম ঘোষণা কৰা হয় । ইয়াৰোপৰি এসময়ৰ ভ্ৰাম‍্যমান নাট‍্য দলৰ নৃত‍্য পৰিচালক লক্ষীধৰ বৰাকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ।

শিল্পী দিৱস উদযাপনৰ এই সভাত কুসুম ডেকাৰ কবিতা পুথি 'অথিৰ বিশ্ব' উন্মোচন কৰে শিক্ষক তথা লেখক গুণীন হাজৰিকাই । আজিৰ সভাতেই সমাদৃত কবিতাপুথি 'ৰাজপথৰ কবিতা'ৰ ত্ৰয়োদশ সংখ‍্যাটিও আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় ।

লগতে পঢ়ক:বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু (পুষুৰা মেলা)ৰ নামত অশ্লীলতাৰ বেহা !

ABOUT THE AUTHOR

...view details