কলিয়াবৰ,25আগষ্টঃ এগৰাকী বিশেষ ব্যক্তি আৰু এটা সেউজ কাহিনী ৷ অসাধাৰণ, অদ্বিতীয় ব্যক্তিত্বৰে ভৰপূৰ ব্যক্তি গৰাকীৰ জীৱন পৃষ্ঠা ৷ তেওঁ হৈছে শিল্পপ্ৰাণ চন্দ্ৰ ফুকন। অসমীয়া সাংস্কৃতিক আৰু সাহিত্য জগতখনৰ চিনাকী নাম। নগাঁৱত হাইস্কুলীয়া জীৱনতে 'মেঘনাথ বধ' নাটেৰে অভিনয় জীৱন আৰম্ভ কৰা চন্দ্ৰ ফুকনে 'পিয়লি ফুকন' নাটত কৰা পিয়লিৰ অভিনয় আৰু ৰচনাৰ বাবে আজিও নাট্যপ্ৰেমীৰ অন্তৰ স্পৰ্শ কৰি আছে। ৰূপকোঁৱৰৰ শোণিত কোঁৱৰী নাটৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা চন্দ্ৰ ফুকন আছিল "পাৰঘাট" বোলছবিৰ সুদৰ্শন নায়ক। নগাঁও নাট্য মন্দিৰক আধুনিক ৰূপ দিয়া এইগৰাকী চিৰনমস্য মহীৰূহৰ কিন্তু শিল্পীৰ উপৰিও আছিল আন এক সুকীয়া পৰিচয়। যিটো পৰিচয় চন্দ্ৰ ফুকনৰ মঞ্চ-বোলছবিৰ সুদৰ্শন অভিনেতাৰ পৰিচয়ে ঢাকি ৰাখিলে।
অনন্য ব্যক্তিত্বৰ অধিকাৰী শিল্পপ্ৰাণ চন্দ্ৰ ফুকন কাৰ্বি পাহাৰৰ কুঠৰীত সেউজ প্ৰকৃতিৰ সৈতে মিলি চন্দ্ৰ ফুকনে কেৱল সাংস্কৃতিক শিল্পই সৃষ্টি কৰা নাছিল, সৃষ্টি কৰিছিল আন এক শিল্পৰো ৷ সেইয়া আছিল উদ্যোগিক আৰু অৰ্থনৈতিক। তেওঁৰ শৈল্পিক হাতৰ পৰশে কুঠৰীখনক দিছিল এক নতুন চিনাকী। পৰিচয় দিছিল শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰূপে।কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰি আৰু কোচ বিহাৰ কলেজৰ পৰা ইংৰাজীত অনাৰ্চ লৈ পাছ কৰি তেওঁ উভতি আহিছিল ওপজা ঠাই কুঠৰীলৈ। ১৯৩৬ চনত কুঠৰীক এক নতুন পৰিচয় দিয়াৰ হেঁপাহেৰে তেওঁ মৌজাদাৰৰ পদবী লৈ মুকলি কৰিলে এক নৱ চিন্তাৰ বাট। কৃষি বিপ্লৱৰ সূচনা কৰি প্ৰথমে স্থাপন কৰিলে মাটিকঁঠালৰ বাগিচা। সমান্তৰালকৈ আৰম্ভ কৰিলে ধান খেতি, শাক-পাচলিৰ খেতি, হাঁহ-কুকুৰা পালন, মৌ পালন, মৎস্য পালন। তদুপৰি ৰায়ত সভাৰ জৰিয়তে পুঁজি সংগ্ৰহৰে কুঠৰীৰ প্ৰতিখন গাঁৱতে প্ৰাথমিক বিদ্যালয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়ালে। কুঠৰীত বৃহৎ পৰিমাণে উৎপাদিত হোৱা মাটিকঁঠালৰ পৰা খাদ্য বস্তু প্ৰস্তুত কৰিবলৈ স্থাপন কৰে "ডা গ্ৰীণ ভিউ প্ৰ'ডাক্ট" নামে এক উদ্যোগ। তাত প্ৰস্তুত কৰা জাম-জেলী ফ্ৰান্স, ৰাছিয়া আদি দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চহৰ যেনে কলিকতালৈও ৰপ্তানি হৈছিল আৰু যথেষ্ট সমাদৰো পাইছিল। অনন্য ব্যক্তিত্বৰ অধিকাৰী শিল্পপ্ৰাণ চন্দ্ৰ ফুকন এই উদ্যোগটো চলাবলৈ সেই সময়ত বিদ্যুৎ যোগান সমগ্ৰ অসমতে মহঙা আছিল । গতিকে কুঠৰীৰ দৰে এখন হাবিতলীয়া ঠাইত বিদ্যুৎ যোগান এক অলীক সপোন আছিল। ইয়াৰ উপৰি "ডা গ্ৰীণ ভিউ প্ৰ'ডাক্ট"ৰ বাবেও বিদ্যুৎ যোগান অপৰিহাৰ্য আছিল। শিল্পপ্ৰাণৰ শিল্প উদ্যোগৰ চকা ঘূৰাবলৈ ইন্ধনৰ নামত ব্যয় হৈছিল যথেষ্ট ধন। সেয়ে,এক দীৰ্ঘ চিন্তা আৰু পৰিকল্পনাৰ অন্তত কুঠৰীৰ সমীপৰ বাগৰিৰ কাৰ্বিপাহাৰত থকা জুৰিৰ পানীভাগ জলবিদ্যুৎ উৎপাদনত ব্যৱহাৰৰ এক অবিশ্বাস্য, অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰে। দেশৰ বিভিন্ন স্থানৰ পৰা অভিযন্তা, অন্যান্য দক্ষ ব্যক্তিক নিয়োগ কৰা হয়। অৱশেষত কাৰ্বি পাহাৰৰ পৰা বৈ অহা ভালুক জুৰি খৰস্ৰোতা পানীৰ জৰিয়তে উৎপাদিত জলবিদ্যুতেৰে 'ডা গ্ৰীণ ভিউ'ৰ চকা ঘূৰিল, উজলিল কুঠৰীৰ বাট-পথো। উল্লেখযোগ্য যে, নগাঁও জিলাৰ সীমান্তৱৰ্তী বাগৰীৰ গাতে লাগি ভালুকজুৰি নামে এক মনোমোহা ঠাই আছে, য'ত আছে পৰ্যটনৰ বহু সম্ভাৱনীয়তা ৷
য'ত সুউচ্চ পাহাৰৰ পৰা থিয়কৈ নামি আহিছে এটা খৰস্ৰোতা জলপ্ৰপাত, পাদভূমিত আছে এখন সেউজীয়া চাহ বাগিচা আৰু শিৱ পূজাৰ থলী। সমতলৰ জুৰিটোৰ দক্ষিণত থকা তিলাটোৰ ওপৰত আছে ১৫x১২ ফুট আয়তনৰ এটা পৰিত্যক্ত পকীঘৰ আৰু সেই ঘৰটোতেই শিল্পপ্ৰাণে ৰচনা কৰিছিল উদ্যোগিক শিল্পৰ।
অনন্য ব্যক্তিত্বৰ অধিকাৰী শিল্পপ্ৰাণ চন্দ্ৰ ফুকন জানিব পৰা মতে, ১৯৬৩-৬৪ চনত ভালুকজুৰিৰ সেই খৰস্ৰোতা জুৰিটোৰ পৰা ধাতুৰ নলীৰে পানীৰ কোবাল সোঁতটোক এই পৰিত্যক্ত ঘৰটোৰ মজিয়াৰ তলত স্থাপন কৰা দুটা কোঠালীত সংগ্ৰহ কৰিছিল । পানীৰ সেই দুই ধাৰাৰ লগত মজিয়াৰ সোঁ মাজত স্থাপন কৰা হৈছিল দুটা টাৰ্বাইন (Turbine), পানীৰ কোবাল সোঁতে টাৰ্বাইন ঘূৰাই জল-শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰ কৰিছিল। সেই বিদ্যুত শক্তিৰে কুঠৰীত ষ্ট্ৰীট-লাইট জ্বলিছিল। সেই সময়ত ৰাতি গুৱাহাটীৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়ালৈ যোৱা যাত্ৰীয়ে ইয়াক প্ৰত্যক্ষ কৰিছিল । কুঠৰী তিনি আলিত শালকাঠৰ খুঁটাত লাগি থকা টিউব লাইটৰ খোলা এতিয়াও জীৱন্ত সাক্ষী হৈ আছে। সেই সময়ত আমাৰ ইয়াত কিছু অভাৱ থকাৰ বাবে কলিকতাৰ পৰা কৰ্মচাৰীসকলক আনিবলগীয়া হৈছিল।
খড়গপুৰ আই আই টিৰ পৰা ১৯৬৪ চন মানত অসমৰ কুঠৰীলৈ আহি ভালুকজুৰিত প্ৰতিষ্ঠা কৰা জলবিদ্যুৎ উৎপাদন কেন্দ্ৰটোত নিয়োজিত হৈছিল বৰ্তমান আমেৰিকা নিৱাসী অৱনী শৰ্মা। শৰ্মাই প্ৰান্তিক আলোচনীৰ পাতত এই বিষয়ে এক লেখনিত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আশ্চৰ্যকৰ চিন্তা দেখি তবধ মানিছিল। সেই জলবিদ্যুৎ কেন্দ্ৰটোৰ পৰা উৎপাদিত বিদ্যুতৰ জৰিয়তে খাদ্য প্ৰস্তুতকাৰী উদ্যোগ 'ডা গ্ৰীণ ভিউ প্ৰ'ডাক্ট' চলোৱাৰ লগতে কুঠৰীৰ বাট-পথ উজ্বলাবলৈ ষ্ট্ৰীট-লাইটৰ ব্যৱস্থা কৰিছিল। শৰ্মাৰ মতে, সেই সময়ত অসমত গুৱাহাটীকে ধৰি তিনিখনমান নগৰতহে ষ্ট্ৰীট-লাইটৰ ব্যৱস্থা আছিল।কালক্ৰমত, অসম বিদ্যুত পৰিষদ প্ৰতিস্থা হোৱাত জলবিদ্যুৎ উৎপাদনৰ প্ৰকল্পটো অসম চৰকাৰে নিজৰ অধীনত কৰি লৈছিল যদিও আজি ই অনাদৃত অৱস্থাত পৰি ৰৈছে।
অনন্য ব্যক্তিত্বৰ অধিকাৰী শিল্পপ্ৰাণ চন্দ্ৰ ফুকন ইপিনে 'চন্দ্ৰ মল্লিকা' কবিতা পুথিৰে সাহিত্য জগতখনত খোজ পেলোৱা চন্দ্ৰ ফুকনৰ কুঠৰীৰ বাসগৃহত তেওঁ যেন আজিও বিৰাজমান। কোন অহা নাছিল তেওঁৰ বাসগৃহলৈ? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদকে প্ৰমুখ্য কৰি ৰাজ্যপাল বি.কে.নেহৰু, হেম বৰুৱা,সুধাকন্ঠ ভূপেন হাজৰিকা লৈকে আহিছিল তেওঁৰ বাসগৃহলৈ। তদুপৰি, উজনি-নামনি অসমৰ মাজত অহা যোৱা কৰোঁতে প্ৰায় সকল মন্ত্ৰী, বিধায়ক এই সংস্কৃতিৰ বাসগৃহত সোমাই শিল্পপ্ৰাণক মাতষাৰ দি হে গৈছিল। ঐতিহাসিক সম্পদবোৰ ঘৰখনত এতিয়াও সিঁচৰিত হৈ আছে। এতিয়া অৱশ্যে অসম চৰকাৰৰ পৰ্যটন বিভাগে চৌহদটোত পৰ্যটকৰ বাবে কেইটামান আবাস নিৰ্মাণ কৰি আছে আৰু প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আশা কৰিব পাৰি, বিশ্ব প্ৰসিদ্ধ কাজিৰঙাৰ গাতে লাগি থকা কুঠৰীৰ বাসগৃহত দেশী-বিদেশী পৰ্যটকে ইয়াতে থাকি শিল্পপ্ৰাণৰ সৃষ্টিৰাজীৰ উমান ল'ব পাৰিব। কুঠৰীৰ বাসগৃহত শিল্পপ্ৰাণ গৰাকীৰ প্ৰিয়তমা পত্নী প্ৰেমদা ফুকনে আজি সাৱটি আছে চন্দ্ৰ ফুকনৰ স্মৃতি।
আনহাতে,অহা ২৭ আগষ্টত শিল্পপ্ৰাণ গৰাকীৰ জন্ম আৰু মৃত্যুবাৰ্ষিকী। কালজয়ী ব্যক্তি গৰাকীক সুঁৱৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত তথা কলিয়াবৰ জিলা সাহিত্য সভা, কলিয়াবৰ আছু, কলিয়াবৰ লেখিকা সমাৰোহ শাখা আৰু কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ৷ সকলোৰে আশা সদায় চিৰসেউজ হৈয়ে ৰওক শিল্পপ্ৰাণ গৰাকী ৷
লগতে পঢ়কঃবেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ