বঢ়মপুৰ,14 আগষ্টঃ কামপুৰত উপস্থিত হোজাই বিধায়ক শিলাদিত্য দেৱ। কামপুৰৰ জ্যেষ্ঠ নাগৰিক তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আজীৱন সদস্য প্ৰয়াত নৱ বৰুৱা বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।
কামপুৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ - গোচৰ দিলে বুলিয়েই যে
সাংবাদিক মইও আছিলো,কিন্তু মই ক’লাক ক’লা বুলি আৰু বগাক বগা বুলিয়েই কও। মই কোনো অপৰাধ কৰা নাই মোক গ্ৰেপ্তাৰ কৰিবলৈ ৷ গোচৰ দিলে বুলিয়েই যে,গ্ৰেপ্তাৰ হ’ব তাৰ কোনো কথা নাই ।
![কামপুৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ SHILADITYA VISIT KAMPUR RSS MEMBER NAVA BORA HOUSE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8421451-441-8421451-1597413166412.jpg)
কামপুৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ
কামপুৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ
ইফালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা চেনেলৰ লগতে অসমৰ ৱেব পৰ্টেলত হোজাই বিধায়ক গৰাকী গ্ৰেপ্তাৰ হোৱা বুলি প্ৰকাশ হোৱা বাতৰি সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে সাংবাদিক মইও আছিলো,কিন্তু মই ক’লাক ক’লা বুলি আৰু বগাক বগা বুলিয়েই কও। মই কোনো অপৰাধ কৰা নাই মোক গ্ৰেপ্তাৰ কৰিবলৈ ৷ গোচৰ দিলে বুলিয়েই যে,গ্ৰেপ্তাৰ হ’ব তাৰ কোনো কথা নাই । লগতে তেওঁ অসমৰ কিছুমান ৱেব পৰ্টেলে মিছা বাতৰি প্ৰকাশ কৰে বুলি মত প্ৰকাশ কৰে ।
লগতে পঢ়কঃ টীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট