নগাঁও, 24 এপ্ৰিল :ৰাজ্যত অব্যাহত আছে দেহ ব্যৱসায়ী চক্ৰ ৷ নগাঁও চহৰৰ মাজমজিয়াতে চলিছে যৌনতাৰ বেহা । নগাঁৱৰ ভূঞাপট্টিৰ এটা ভাৰাঘৰত দীৰ্ঘদিন ধৰি চলিছে দেহ ব্যৱসায় । স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ পিচতে স্থানীয় ৰাইজে দেহ ব্যৱসায়ী চক্ৰটো উৎখাতৰ বাবে গ্ৰহণ কৰে ব্যৱস্থা (Sex racket in Assam) ৷
উল্লেখ্য যে, নগাঁও চহৰৰ ভূঞাপট্টিৰ এটা ভাৰাঘৰত দীৰ্ঘদিন ধৰি যৌন বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ নিশা হ’লেই ভাৰাঘৰটোলৈ সন্দেহজনক গতি-বিধিৰে আহ-যাহ কৰে বহু যুৱক-যুৱতীয়ে ৷ ঘৰটোত যুৱক-যুৱতীৰ অহা যোৱা বৃদ্ধি পোৱাত এজন দুজনকৈ স্থানীয় লোকৰ চকুত পৰে বিষয়টো । ভাড়া ঘৰটোক লৈ সন্দেহ ঘনীভূত হৈ পৰাত স্থানীয় ৰাইজে একগোট হৈ ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়ি আহে । আনকি প্ৰায়েই ঘৰটোত প্ৰৱেশ কৰা যুৱতীয়ে মদ্যপান কৰি ওলাই অহাও প্ৰত্যক্ষ কৰে স্থানীয় লোকে (Sex racket in Nagaon) ।
স্থানীয় লোকে দেওবাৰৰ নিশা ভাৰাঘৰটোত প্ৰৱেশ কৰি তিনিগৰাকী যুৱতীৰ লগতে তিনিগৰাকী যুৱকক প্ৰত্যক্ষ কৰে ঘৰটোৰ ভিতৰত । অৱশ্যে স্থানীয় লোকৰ ৰুদ্ৰমূৰ্তি দেখি ঘৰটোৰ ভিতৰৰ পৰা কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় যুৱক তিনিজনে । কিন্তু ৰাইজৰ জালত পৰে তিনিগৰাকী যুৱতী (Sex racket busted in Nagaon) ।