অসম

assam

ETV Bharat / state

নগাঁৱত ভাড়া কোঠালীত চলিছে যৌনতাৰ বেহা

একাংশ ভাড়া ঘৰতে চলিছে দেহ ব্যৱসায়। নগাঁও চহৰৰ মাজমজিয়াৰ পৰা ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ। দেহ ব্যৱসায়ী চক্ৰক লৈ নিশা উত্তাল নগাঁৱৰ ফৌজদাৰী পট্টি।

ভাড়াঘৰত যৌনতাৰ বেহা: ৰাইজ কৰিলে উৎখাত
ভাড়াঘৰত যৌনতাৰ বেহা: ৰাইজ কৰিলে উৎখাত

By

Published : Jan 24, 2021, 12:55 PM IST

Updated : Jan 24, 2021, 1:33 PM IST

নগাঁও,24 জানুবাৰী : নগাঁও চহৰৰ মাজমজিয়াৰ এটা নিৰ্দিষ্ট ভাড়াঘৰ । য'ত সন্ধিয়া হ’লেই আগমন ঘটে বহু যুৱক-যুৱতীৰ লগতে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ । ইপিনে তাৰ মাজতে এগৰাকী মহিলাই ভাড়া লোৱা ঘৰটোত নিতৌ যুৱক-যুৱতীৰ আহ যাহ দেখি সন্দেহ উপজিল স্থানীয় লোকৰ । অৱশেষত ৰাইজে উৎখাত কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই অহা চক্ৰটো ।

নগাঁও চহৰখনৰ মাজমজিয়াত চলাই থকা নাৰী দেহ ব্যৱসায়ী চক্ৰটোক লৈ শনিবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ ভাড়াঘৰটোত দেহ ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শনিবাৰে সন্ধিয়া অভিযান আৰম্ভ কৰে স্থানীয় লোকে । ঘৰটোত অচিনাকি যুৱতীৰ লগতে এজন যুৱককো আটক কৰে স্থানীয় লোকে । ইফালে যুৱতীৰ সৈতে আটক কৰা যুৱকজনক উত্তম মাধ্যম শোধাই ক্ষুব্ধ ৰাইজে ।

নগাঁৱত ভাড়া কোঠালীত চলিছে যৌনতাৰ বেহা

আনহাতে ঘৰটোত ভাড়াতীয়া হিচাপে থকা মহিলাগৰাকীৰ বিৰুদ্ধেই দেহ ব্যৱসায় চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ভাড়াতীয়া মহিলাসহ ৰাইজে আটক কৰা যুৱক-যুৱতী হালকো আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে। সম্প্ৰতি নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ মহিলা, যুৱতীসহ যুৱকক আটক কৰাৰ লগতে আৰম্ভ কৰিছে অনুসন্ধান।

লগতে পঢ়কঃ ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

Last Updated : Jan 24, 2021, 1:33 PM IST

ABOUT THE AUTHOR

...view details