নগাঁও, ২৪ মাৰ্চ : নগাঁৱৰ বাইপাছৰ একাংশ ধাবাত এহেজাৰ টকাৰ বিনিময়তে চলে যৌনতাৰ বেহা (sex racket at dhabas in Nagaon bypass) । একাংশ ধাবাৰ স্বত্বাধিকাৰী আৰু দালাল চক্ৰই গ্ৰহকক যোগান ধৰে যুৱতী মহিলা । বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীৰ এক সফল অভিযানৰ পিছতেই পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।
দীৰ্ঘদিন ধৰি নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবাত দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উঠাৰ সময়তে নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰু মৰিকলঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভা, বৰঘাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমণীকান্ত দাসৰ সহযোগত বৃহস্পতিবাৰে নিশা বাইপাছৰ ভোগদৈ ধাবাত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা দলে (Nagaon police raid on dhabas in Nagaon) ।
নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত ৫ গৰাকী যুৱতীসহ ১৭ জন গ্ৰাহকৰূপী যুৱকক আটক কৰে (17 detained in Nagaon sex racket) । এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে (Nagaon SP Leena Doley on Nagaon sex racket) সংবাদ মাধ্যমৰ আগত কয় যে অভিযানত আৰক্ষীৰ দলটোৱে ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাৰ লগতে যুৱতী, মহিলা যোগান ধৰা দালাল চক্ৰকো আটক কৰে আৰক্ষীৰ দলটোৱে । এই চক্ৰটোৰ মূল দালাল দুলাল আহমেদকো আৰক্ষীয়ে আটক কৰে । অভিযানৰ সময়ত ভোগদৈ ধাবাৰ পৰা বহু আপত্তিজনক সামগ্ৰীৰ লগতে নগদ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে ।