নগাঁও, ৬ জানুৱাৰী :সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । অসমৰ আঞ্চলিক দল তথা বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদেও নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশস্বৰূপে দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে অগপ দলটোৱে । বিভিন্ন জিলাৰ লগতে নগাঁও আৰু হোজাই জিলাত দলটোৱে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ।
ইয়াৰ মাজতে শনিবাৰে ৩ শতাধিক লোকে অগপ দলত যোগদান কৰে । বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ বিভিন্ন পদবীত থকা নেতা-কৰ্মীসকলে অগপ দলত যোগদান কৰে । অগপৰ নগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এক সভাত নগাঁও আৰু হোজাই জিলাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতাসকলে দলটোত যোগদান কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তই লোকসকলক দললৈ আদৰণি জনায় ।
ইফালে যোগদান অনুষ্ঠানত কেশৱ মহন্তই বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতাই অগপ দলত যোগদান কৰাৰ কথা সদৰী কৰে । তেওঁৰ মতে পৰৱৰ্তী সময়ত স্থানীয়ভাৱেও বহু লোকে অগপ দলত যোগদান কৰিব । আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে আলোচনা কৰি আসন ভাগ-বটোৱাৰা কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই ।