নগাঁও, 16 মে’: প্ৰৱল ইচ্ছাশক্তি আৰু আগ্ৰহে যে সকলো সম্ভৱ কৰে তাকে প্ৰমাণ কৰি দেখুৱালে ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই । দেশমাতৃৰ সেৱাত নিয়োজিত হৈয়ো চলাই গৈছিল শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া । অৱসৰৰ পাছতো দ্বিতীয়বাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে নগাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে (Retired Indian army officer got masters degree)।
জীৱনৰ অন্তিম সময়লৈকে শিক্ষাগ্ৰহণৰ লক্ষ্য স্থিৰ কৰা অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এতিয়া প্ৰস্তুতি চলাইছে ডক্টৰেট ডিগ্ৰীৰ বাবে । নগাঁও চহৰৰ ডিমৰুগুৰিৰ দেৱনাথ বৰদলৈ নামৰ এইগৰাকী ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ কথাই কৈছোঁ । ১৯৭৩ চনতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ সেনাবাহিনীত যোগদান কৰা দেৱনাথ বৰদলৈয়ে ভাৰতীয় সেনাৰ শিক্ষা বিভাগৰ কণিষ্ঠ আয়ুক্ত আৰু পাছত জ্যেষ্ঠ বিষয়া হিচাপে ২০০১ চনতে অৱসৰ গ্ৰহণ কৰে ।
চাকৰি জীৱনতে এইগৰাকী সেনা বিষয়াই দ্বিতীয়বাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও লাভ কৰিছিল বি এড আৰু স্নাতকোত্তৰ ডিগ্ৰী । কৰ্তব্যৰত অৱস্থাতে দহবাৰকৈ স্নাতকোত্তৰ পৰীক্ষাৰ প্ৰ-পত্ৰ জমা দিছিল যদিও চাকৰিৰ বদলি আৰু কৰ্মব্যস্ততাৰ বাবেই অৱতীৰ্ণ হ'ব পৰা নাছিল পৰীক্ষাত ।