অসম

assam

By

Published : Nov 25, 2021, 9:02 PM IST

ETV Bharat / state

Dead body recover : মহংবস্তিত পৃথকে পৃথকে উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ

চামগুৰিৰ মহংবস্তিত পৃথকে পৃথকে উদ্ধাৰ এহাল স্বামী-স্ত্ৰীৰ মৃতদেহ (Dead body recover at Samaguri) ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা তনুজা টিমুংআৰু দিলীপ টিমুং বুলি চিনাক্ত কৰা হৈছে ৷

a husband wife dead after eating poison
মহংবস্তিত উদ্ধাৰ স্বামী স্ত্ৰীৰ মৃতদেহ

চামগুৰি, 25 নৱেম্বৰ : চামগুৰিৰ মহংবস্তিত সংঘটিত হৈছে এক অঘটন ৷ ৰহস্যজনক ভাৱে বুধবাৰে চামগুৰিৰ মহংবস্তিত পৃথকে পৃথকে উদ্ধাৰ হৈছে এহাল স্বামী-স্ত্ৰীৰ মৃতদেহ (Two Dead body recover) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

জানিব পৰা মতে, মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম তনুজা টিমুং আৰু পুৰুষজনৰ নাম দিলীপ টিমুং ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দিলীপ টিমুঙৰ মৃতদেহ উদ্ধাৰ হৈছে মহংবস্তিৰ এখন চাহ বাগিছা (Mahang bosti Tea Garden) ৰ কাষত ৷ আনহাতে, তনুজা টিমুঙৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকৰ ঘৰৰ ভিতৰতে ৷

মহংবস্তিত উদ্ধাৰ স্বামী স্ত্ৰীৰ মৃতদেহ

প্ৰথম অৱস্থাত স্থানীয় ৰাইজে বিষক্ৰিয়াৰ ফলত দুয়ো পতি-পত্নীৰ মৃত্যু (couple died after consuming poison) হোৱা বুলি সন্দেহ কৰিছিল । কিন্তু মৃত দম্পতীটোৰ জীয়ৰীয়ে মৃতদেহ দুটা পৰি থকালৈ চাই কোনো দুৰ্বৃত্তই দুয়োকে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে(suspect of murder) ৷ ইফালে পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷

ঘটনাস্থলীত নগাঁও জিলাৰ দণ্ডাধীশ আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (SP Anand Mishra) উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে গম পোৱা যাব প্ৰকৃততে কিহৰ বাবে মৃত্যু হ’ল দিলীপ টিমুং আৰু তনুজা টিমুঙৰ ৷

লগতে পঢ়ক:হেঙেৰাবাৰীত জংঘলত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details