ৰূপহীহাট, 20 মে‘ : ৰূপহীহাটৰ জুৰীয়াৰ পশ্চিম লাঠিমাৰি চ’ৰত বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ এগৰাকী গৰ্ভৱতী মহিলাক ডেগাৰেৰে ঘপিয়াই হত্যা কৰে দূৰ্বৃত্তই ৷ পবিত্ৰ ৰমজান মাহৰ চেহেৰীৰ বাবে খাদ্য ৰান্ধি থাকোতে দূৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা ৷ চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ ডিঙি কাটি হত্যা কৰি পেলাই থৈ যায় দূৰ্বৃত্তই ৷
জুৰীয়াত নৃশংস হত্যাকাণ্ডৰ ঘটনা ! - আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত
জুৰীয়াত মহিলাক ডেগাৰেৰে ঘপিয়াই হত্যা কৰে দূৰ্বৃত্তই ৷ চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ ডিঙি কাটি হত্যা কৰি পেলাই থৈ যায় দূৰ্বৃত্তই ৷

জুৰীয়াত নৃশংস হত্যাকাণ্ডৰ ঘটনা !
ইতিমধ্যে ঘটনাস্থলীত সুতিৰ পাৰ আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ এই ঘটনাৰ ফলত অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনাই ৷
লগতে পঢ়ক : কোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ