নগাঁও, ১৫ জুন: নগাঁও জিলাৰ ধিং অঞ্চলত মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মানৱৰূপী দানৱৰ নৃশংসতাৰ বলি হৈ চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱালে ধিং ভকত গাঁৱৰ ৬ মহীয়া গৰ্ভৱতী মহিলা ববী দেৱীয়ে । গৰ্ভৱতী অৱস্থাতে স্বামীৰ চুৰিকাঘাতত আহত হৈ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হোৱা ঘটনাই এতিয়া জোকাৰি গৈছে ধিং অঞ্চলটোক ৷
পৃথিৱীৰ মুখ দেখা নাপাওঁতেই পাষাণ অনন্ত নাথৰ চুৰিকাঘাতে নিমিষতে প্ৰাণ কাঢ়ি নিলে পত্নী আৰু গৰ্ভস্থ সন্তানৰ ৷ এই ঘটনা সংঘটিত হৈছিল মঙলবাৰে নিশা । মঙলবাৰে নিশা নগাঁও জিলাৰ ধিং অঞ্চলৰ ভকতগাঁৱৰ অনন্ত নাথে গৰ্ভৱতী পত্নীৰ পেটত ছুৰিৰে আক্ৰমণ কৰাত সংকটজনক অৱস্থাতে চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসালয়তে বুধবাৰে নিশা মৃত্যুক সাৱটি লয় মহিলাগৰাকীৰ লগতে গৰ্ভত থকা সন্তানে । দুটাকৈ জীৱৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ ধিংবাসীক ।