ধিং, 1 অক্টোবৰ :মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰলকাটা গাঁৱত সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাত নুৰ মিঞা নামৰ এজন 60 বছৰীয়া লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে উৰলকটা গাঁৱৰ প্ৰায় ৫ জনীয়া এটা গৰু বেপাৰীৰ দলৰ মাজতে বেপাৰৰ টকা লেন-দেনৰ এক সংঘাতৰ সৃষ্টি হয় ফলত সেই গাঁৱৰেই মাতাব্বৰ তাহেৰ উদ্দিনৰ ঘৰত টকা লেন-দেনৰ হিচাপ কৰিবলৈ এক গাঁৱলীয়া বৈঠক অনুষ্ঠিত হয় ।
এই বৈঠকত টকা লেন-দেনৰ হিচাপ অমিল হোৱাত ৫ জন লোকে ৬০ বছৰীয়া নুৰ মিঞাক মাৰপিট কৰি বুকুত গুৰুতৰ বাবে আঘাত কৰে লগে লগেই লোকজন মাটিত ঢলি পৰে ৷ ইয়াৰ মাজতে বৈঠকত থকা কোনো এজন লোকে পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে নুৰ মিঞাক মৈৰাবাৰী চিকিৎসা কেন্দ্ৰলৈ নিয়ে যদিও মৈৰাবাৰী চিকিৎসকে মৰিগাঁৱলৈ প্ৰেৰণ কৰে তেওঁক ৷