নগাঁও, 13 এপ্ৰিল : চেনিমাই চেনিমাই চেনিমাই ঐ, নাজিৰৰ ঘৰলৈ কেনি যায় ঐ ? আহি পালে হেঁপাহৰ ৰঙালী । ব’হাগ মানেই কুলি কেতেকীৰ মাত, প্ৰকৃতিৰ নতুন ৰূপ । ঢোলৰ গুমগুমনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । চৌদিশে কেৱল বিহুগীত আৰু বিহু নৃত্য (Rongali Bihu Celebration)। বিহুগীতত প্ৰায়েই শুনিবলৈ পোৱা যায় চেনিমাইৰ নাম । নগাঁৱৰ পুৰণিগুদাম চলচলি কলংপাৰ হালোৱাগাঁৱত জন্মগ্ৰহণ কৰিছিল চেনিমায়ে । সেই সময়ৰ প্ৰখ্যাত ঢুলীয়া মইমত তাতিঙাৰ ভগ্নী আছিল চেনিমাই । চলচলিৰ বেঙেনাটিৰ এইটো ঘৰৰে বোৱাৰী হৈছিল প্ৰখ্যাত ঢুলীয়া মইমত তাটিঙাৰ ভগ্নী চেনিমাই ।
ব্ৰিটিছ আমোলৰ কথা । অসমীয়াৰ প্ৰাণস্বৰূপ বিহুক এবাৰ হঠাৎ নিষিদ্ধ ঘোষণা কৰিছিল ব্ৰিটিছ চাহাবে (British government banned Bihu dance) । ইংৰাজৰ দাবী আছিল বিহু নৃত্যত আছে অশ্লীলতা । বিহু নৃত্যক অশ্লীল নৃত্য বুলি দাবী কৰি বগা চাহাবে অসমত নিষিদ্ধ কৰিছিল বিহু নৃত্য । ইংৰাজৰ সেই সিদ্ধান্তক সহজভাৱে ল'ব পৰা নাছিল কোনো এজন অসমীয়াই । মানি ল'ব পৰা নাছিল প্ৰখ্যাত ঢুলীয়া মইমত তাতিঙা আৰু ভগ্নী চেনিমায়েও । বিহু নৃত্যক বগা চাহাবে কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ উঠি পৰি লাগিছিল মইমত তাতিঙা, চেনিমাইহহঁত (Oza Maimat Tatinga and his sister Senimai)।