কলিয়াবৰ,15 মে': সমাগত জহৰ দিন ৷ এইয়া বিধে-বিধে ফল লগাৰ বতৰ ৷ লকডাউনৰ সময়ছোৱাত নিৰৱে-নিশব্দে প্ৰকৃতিয়ে সলাইছে ৰূপ ৷ অসমৰ গাঁৱে-ভূঞে, চুকে-কোনে বিভিন্ন ফলৰ গছত শোভা বঢ়াইছে বিভিন্ন টেঙা-মিঠা-কেহা ফলে ৷ আম, কঁঠাল, জামুক, সুমথিৰা বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখী, টেঙাজাতীয় ফলৰ পৰা-আমলখী, কৰ্জা, ৰৱাৱ টেঙা, বৰ টেঙা, চকলা টেঙা আদি বিধে-বিধে টেঙাই এতিয়া ভৰি পৰিছে গছৰ ডাল ৷ কিন্তু ইমান বোৰ ফল থকাৰ পাঠতো যেন ইয়াৰ বাণিজ্যিক লাভা-লাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই অসম ৷ এই ক্ষেত্ৰত বিশেষ মতামত আগবঢ়াইছে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য ভূপেন শৰ্মাই ৷ শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা আত্মনিৰ্ভৰশীলতাৰ বাবে এই সমুহ ফলৰ ব্যৱসায়ো হ'ব পাৰে অন্যতম উপায় ৷ এই ক্ষেত্ৰত ৰাজ্যৰ আগ্ৰহী নিবনুৱাক কৃষি-ভিত্তিক উদ্যোগ স্থাপন কৰিদি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক লৈ বাণিজ্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ বাবে এক বলিষ্ঠ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপনন বিভাগটোৱে ল'ব পাৰে ৷
অসমত উৎপাদিত ফলমুলৰ ব্যৱসায় হ'ব পাৰে আত্মনিৰ্ভৰশীলতাৰ অন্যতম উপায় ! - অসমৰ অজস্ৰজনৰ সংস্থাপনৰ বাট মুকলি
এই সন্দৰ্ভত বিশেষ উপদেশ তথা মতামত আগবঢ়ালে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মাই ৷
উল্লেখ্য যে, চৰকাৰী হেমাহীৰ বাবেই হওক বা আন কাৰণেতেই হওক লক ডাউনৰ সময়ছোৱাত শাক-পাচলি ব্যাপক হাৰত নষ্ট হ'ল ৷ আগন্তুক সময়ত অসমৰ গাঁৱে-ভূঞে উৎপাদন হ'বলগীয়া বৃহৎ পৰিমাণৰ ফল-মূলৰ অৱস্থা যাতে বিলাহী-জলকীয়াৰ দৰে নহয়, তাৰ প্ৰতি চৰকাৰে এতিয়াৰ পৰাই সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে অসমৰ অৰ্থনেতিক অৱস্থাৰ উন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এনে পৰিকল্পনাই অসমৰ অজস্ৰজনৰ সংস্থাপনৰ বাট মুকলি কৰিব ৷ এই সন্দৰ্ভত বিশেষ উপদেশ তথা মতামত আগবঢ়ালে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য ভূপেন শৰ্মাই ৷
লগতে পঢ়কঃ হোজাই জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰীক গ্ৰেপ্তাৰ