অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি - kaziranga national park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ এক জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ৷

Section 144 imposed in Bagri and Burhapahar range
কাজিৰঙাৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি

By

Published : Jun 4, 2021, 8:40 PM IST

কলিয়াবৰ, 4 জুন :নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গতকাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি কৰিছে কলিয়াবৰ প্ৰশাসনে ৷ কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে এক জাননী জৰিয়তে এই কথা ঘোষণা কৰে ৷

কাজিৰঙাৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি

সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বাৰিষাৰ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা জীৱকূল প্ৰাণ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ‍্যাখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলে । জীৱকূলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কাজিৰঙা অন্তৰ্গত পথচোৱাত 144 ধাৰা জাৰি কৰা হৈছে বুলি কয় ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ৷

কাজিৰঙাৰ বাগৰি আৰু বুঢ়াপাহাৰ খণ্ডত ১৪৪ ধাৰা জাৰি

তেওঁ কয়, কাজিৰঙা পাৰ হওতে গাড়ী সমূহ গতিবেগ হ্ৰাস কৰা লগতে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা, অঞ্চলটোত গাড়ী ৰখোৱা ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ তদুপৰি স্বয়ংক্ৰিয় বাবে আন মাৰণাস্ত্ৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব বুলি কলিয়াবৰ মহকুমা ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে ৷

লগতে পঢ়ক: ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details