নগাঁও, 5 জানুৱাৰী:নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে চি আৰ পি চিৰ ১৪৪ (১) নং ধাৰাৰ অধীনত নগাঁও সদৰ থানাৰ অন্তৰ্গত জলাহগাঁও, উজৰাগাঁও, সূতাৰগাঁও, ভেলাইগাঁও, ননৈ নামাকুৰি, নিজ পাখিমৰীয়াকে ধৰি সকলো গাঁৱতে 144 ধাৰা জাৰি কৰিছে ৷ ননৈত অব্যাহত থকা বাঘৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বাঘটো যোৱাৰ সম্ভাৱনা থকা ৰাজহ চক্ৰটোৰ অন্তৰ্গত গাঁওসমূহত জাৰি কৰিছে নিষেধাজ্ঞা ।
নিষেধাজ্ঞা অনুসৰি উল্লেখিত অঞ্চলসমূহত পাঁচগৰাকী বা তাতকৈ অধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ, যি কোনোধৰণৰ আগ্নেয়াস্ত্ৰ, মাৰণাস্ত্ৰ, ধনু-কাঁড় আদি কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে ৷ ইয়াৰোপৰি চিঞৰ বা উচ্চ শব্দ কৰা অথবা আন কোনোধৰণে জনশান্তি-শৃংখলা ভংগ কৰা বা কোনো ব্যক্তিয়ে পৰিৱেশ আৰু বন বিভাগৰ বিষয়াৰ লগতে আইন প্ৰয়োগকাৰী সংস্থাসমূহক শাৰীৰিকভাৱে অসুবিধা বা যিকোনোধৰণে বাধাৰ সৃষ্টি কৰা নিষিদ্ধ কৰা হৈছে ৷ উক্ত বিষয়াসকলে সেই অঞ্চলত কোনো বাধা নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰি মানৱ জীৱনৰ লগতে পশুধনৰ সুৰক্ষাৰ বাবে ঘূৰি ফুৰা বাঘটোক খেদি পঠিয়াব পাৰে বা ইয়াক সংযত অথবা বন্দী কৰিব পৰাৰ বাবে এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।