নগাঁও, 19 ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান(Evictions at Batadrava)। বটদ্ৰৱাৰ বিভিন্ন এলেকাৰ প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে পূৰ্বেই প্ৰেৰণ কৰিছিল জাননী । বটদ্ৰৱাৰ বৃহৎ ভূমিত উচ্ছেদ চলাবলৈ আৰক্ষী প্ৰশাসনে বিগত কেইদিনমানৰ পৰাই আৰম্ভ কৰিছিল প্ৰস্তুতি । প্ৰায় ছয় শতাধিক জোৱান নিয়োগ কৰি অব্যাহত ৰখা হৈছিল ফ্লেগ মাৰ্চ ।
অৱশেষত সোমবাৰে পুৱাৰ পৰা বটদ্ৰৱাৰ শান্তিজান বজাৰত প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । শান্তিজান বজাৰৰ বেদখলকৃত ভূমিত উচ্ছেদ চলোৱাৰ পিছত হাইডুবি, ৰামপুৰ আদি অঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে । এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে বটদ্ৰৱাত উচ্ছেদ অভিযান চলি আছে বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ লোকে ।