অসম

assam

ETV Bharat / state

নগাঁৱত তৎকালীনভাৱে বলবৎ হোৱাকৈ 144 ধাৰা জাৰি

নগাঁও জিলা প্ৰশাসনৰ 144 ধাৰা জাৰি ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ধাৰা ৷ আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷

Section 144 implement in Nagaon
নগাঁৱত তৎকালীনভাৱে বলবৎ হোৱাকৈ 144 ধাৰা জাৰি

By

Published : Nov 3, 2020, 9:17 PM IST

নগাঁও, 3 নৱেম্বৰ :মঙলবাৰে নগাঁও জিলাত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত জিলাখনত কাৰ্যকৰী হোৱাকৈ নগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়ন্ত কুমাৰ বৰাই ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

ধাৰা অনুসৰি, ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক ব্যক্তিৰ সমাবেশ, পদপথ বেদখল, দ্ৰুত বেগত গাড়ী চলোৱা, বিশৃংখলভাৱে গাড়ী ৰখোৱা, ৰাজহুৱা স্থানত মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ কঢ়িওৱা, প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা সমিতি, ধৰ্মঘট, অনশন, বিক্ষোভ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পথ আৰু পদপথত যানযট সৃষ্টি কৰা, চৰকাৰী স্থানত প্ৰতিকৃতি দাহ কৰা, চৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত দান বৰঙণি আদি তোলা, ৰাজহুৱা স্থানত ফটকা ফুটুৱা, ৰাতি 10 বজাৰ পৰা পুৱা ৬ বজালৈ উচ্চ ক্ষমতাপন্ন মাইক ব্যৱহাৰৰ কৰা, সাম্প্ৰদায়িক ভাষণ বা দেৱাল লিখন, পোষ্টাৰ আদি লগোৱা, নগৰ এলেকাত যান-বাহন সমূহত উচ্চ ক্ষমতাপন্ন লাইট ব্যৱহাৰ আৰু কলা গ্লাছ লগোৱা, সাধাৰণ নাগৰিকে সামৰিক পোচাক পৰিধান কৰা আদিত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক :শীঘ্ৰে বচ্চন পাণ্ডেৰ ছেটত ভূমুকি মাৰিব অক্ষয় কুমাৰ আৰু কৃতি সেননে

এই ক্ষেত্ৰত বজাৰ, খেলপথাৰ, শিক্ষানুষ্ঠান, ৰেল ষ্টেচন, বাছ আস্থান আদি এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব বুলিও জানিব দিয়ে প্ৰশাসনে । লগতে, আৰক্ষী, সামৰিক বাহিনী, দণ্ডাধীশ বা চৰকাৰী কামত নিয়োজিত বিষয়া-কৰ্মচাৰী এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব । এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব এই ধাৰা ।

উল্লেখ্য যে, এই আইন অমান্য কৰা সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :বিগত 24 ঘন্টাত ডিমা হাছাওত 40 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details