অসম

assam

ETV Bharat / state

মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায় - Women trafficking at nagaon

নগাঁৱত শনিবাৰে জালত পৰিছে নাৰী দেহ ব্যৱসায়ীৰ বৃহৎ চক্ৰ । নাৰী দেহ ব্যৱসায়ত নামিছে একাংশ মহিলা । মহিলাৰ নেতৃত্বতেই নাৰী দেহ ব্যৱসায়ী চলি আছে অসমত।

as_ngn_01_24jly_women_trafficking_script_7203829
ৰাজ্যত গোপনে সক্ৰিয় নাৰী দেহ ব্যৱসায়ী চক্ৰ !

By

Published : Jul 25, 2021, 2:06 PM IST

নগাঁও, 24 জুলাই : ৰাজ্যত এতিয়া গোপনে সক্ৰিয় হৈ পৰিছে নাৰী দেহ ব্যৱসায়ী চক্ৰ (women trafficking) । সংস্থাপন দিয়াৰ নামত অসমৰ মহিলাক বিক্ৰী কৰে বহিঃ ৰাজ্যত । সম্প্ৰতি পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ ঘটনা । নগাঁৱত (NAGAON) শনিবাৰে জালত পৰিছে নাৰী দেহ ব্যৱসায়ীৰ বৃহৎ চক্ৰ । নাৰী দেহৰ ব্যৱসায়ত নামিছে একাংশ মহিলা । মহিলাৰ নেতৃত্বতেই নাৰী দেহ ব্যৱসায় চলি আছে অসমত।

মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়

উল্লেখযোগ্য যে, বহিঃ ৰাজ্যত সংস্থাপন দিয়াৰ দিয়াৰ প্ৰলোভনেৰে মহিলাক বিক্ৰীৰ চেষ্টা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । শনিবাৰে নগাঁৱৰ মৰঙিয়ালৰ এটা ভাড়াঘৰৰ পৰা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত উদ্ধাৰ হয় এগৰাকী মহিলা । লগতে দুগৰাকীকৈ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ (NAGAON POLICE) ৰাইডাৰ পাৰ্টীয়ে । মৰিগাঁও জিলাৰ মায়ঙৰ এগৰাকী মহিলাক কামৰ প্ৰলোভনেৰে কেৰালালৈ লৈ যোৱাৰ কথা কৈ মহিলাগৰাকীক বিক্ৰী কৰাৰ প্ৰস্তুতি চলাই থাকোতে সন্দেহ হয় মহিলাগৰাকীৰ ।

মহিলাগৰাকীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীক বিষয়টো অৱগত কৰাৰ পিছত গাঁওৰক্ষী বাহিনীয়ে খবৰ দিয়ে ৰাইডাৰ পাৰ্টীক । সেই মতে শনিবাৰে ৰাইডাৰ পাৰ্টীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে সৰবৰাহৰ চেষ্টা কৰা মাৰ্জিনা বেগম আৰু মাহমুদা বেগম নামৰ মহিলা দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত মহিলা দুগৰাকীক ।

এনেদৰেই এতিয়া ৰাজ্যৰ আন প্ৰান্ততো অব্যাহত আছে নেকি নাৰী দেহ ব্যৱসায়ী চক্ৰ ৷ ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা অসম আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হ’ব নে ৷ সেয়া সময়ত হে লক্ষণীয় হ‘ব ।

লগতে পঢ়ক: শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ'ব এক দুঃসাহসিক ক্ৰীড়া

ABOUT THE AUTHOR

...view details