অসম

assam

ETV Bharat / state

কলিয়াবৰত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মকড্ৰিল - fire and imergency service

অকস্মিক বিপদৰ পৰা ৰক্ষা পৰিবলৈ নিজকে কেনেকৈ প্ৰস্তুত কৰিব ? ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সন্মুখত বিভিন্ন কৌশল প্ৰদৰ্শন কৰিলে ৰাজ‍্যৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে । শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত উদ্যোগত মকড্ৰিল আৰু সজাগতা সভাৰ আয়োজন ।

কলিয়াবৰত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মকড্ৰিল
কলিয়াবৰত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মকড্ৰিল

By

Published : Dec 24, 2020, 2:58 PM IST

কলিয়াবৰ, ২৪ ডিচেম্বৰ: বুধবাৰে শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত এখন সজাগতা সভাৰ অনুষ্ঠিত কৰা হয় । জৰুৰী পৰিস্থিতি ভয়াৱহ বিপদৰে মোকাবিলা কৰাৰ বিভিন্ন কৌশলৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ বাবে এই সভাৰ আয়োজন কৰা হয় । অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মকড্ৰিলৰ জৰিয়তে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বৰ্ণনা কৰে ।

কলিয়াবৰত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মকড্ৰিল

বিশেষকৈ চিকিৎসালয়ত জুই লাগিলে কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে, তাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে জুই নুমুৱাবলৈ এষ্টিংগুইচাৰ কি দৰে ব্যৱহাৰ কৰিব লাগে সেয়াও শিকাই দিয়ে ।

কলিয়াবৰত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মকড্ৰিল

কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত আয়োজিত এই সজাগতামূলক অনুষ্ঠানত চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্য কৰ্মীৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিকিৎসালয়ত এই সজাগতা অভিযান চলোৱাৰ পৰিকল্পনা হাতত লৈছে সংশ্লিষ্ট বিভাগটোৱে ।


লগতে পঢ়ক:ঘোঁৰামৰাত বিকল পানী যোগান আঁচনি

ABOUT THE AUTHOR

...view details