চামগুৰি, ১০ নৱেম্বৰ: বুধবাৰে ভকতেৰে ভৰি পৰিল প্ৰবীণ ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাৰ নগাঁৱৰ চামগুৰিৰ শিঙীয়া-কুমাৰগাঁওস্থিত বাসগৃহ । বিপুল কুমাৰ বৰাই নিৰ্মাণ কৰা গৰুড় পক্ষী, হনুমানৰ মূৰ্তি ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে আগবঢ়াই নিবলৈ আহে পুৰণিগুদাম গড়মূৰৰ ভকতসকল । বিপুল কুমাৰ বৰাৰ নিখুঁত শিল্পকৰ্মৰ প্ৰশংসাত পঞ্চমুখ ভকত-বৈষ্ণৱসকল । তেওঁ চিমেণ্টেৰে নিৰ্মাণ কৰিছে গৰুড় পক্ষী, হনুমানৰ মূৰ্তি ।
নামঘৰত প্ৰতিষ্ঠা কৰা হ'ব এই মূৰ্তি । বিপুল বৰাই দীৰ্ঘদিন ধৰি শংকৰী ভাস্কৰ্যৰ আৰ্হিত কংক্ৰিটেৰে নিৰ্মাণ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিয়ে সমাদৰ লাভ কৰি আহিছে মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ মাজত । তেওঁ নিৰ্মাণ কৰা মূৰ্তিবোৰৰ ভিতৰত জয়-বিজয়, নামসিংহ, গৰুড়, হনুমান, বিষ্ণুৰ অনন্তশয্যা, গায়ন-বায়নৰ মূৰ্তি আতি লেখত ল'বলগীয়া । আনহাতে, ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাই কাঠৰে কেৱল মাত্ৰ এক ফুট উচ্চতাৰ ক্ষুদ্ৰতম গুৰু-আসন নিৰ্মাণ কৰি ২০২০ চনত "এচিয়া বুক অৱ ৰেকৰ্ড" আৰু "ইণ্ডিয়া বুক অৱ ৰেকৰ্ড"ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।