নগাঁও,6 জুলাই :শিল্পী পেঞ্চনৰ পৰা বঞ্চিত নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ এই গৰাকী ভাস্কৰ্য শিল্পী (Sculpture Artist) । ৰূপহীহাটৰ জুৰীয়াৰ দীনৰাম বৰা (Dinaram Bora) নামৰ 85 বছৰীয়া বিশেষভাৱে সক্ষম ভাস্কৰ্য শিল্পীগৰাকী আজিও বঞ্চিত হৈ আছে চৰকাৰী সাহায্যৰ পৰা । এইগৰাকী ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ধৰণৰ ভাস্কৰ্য । 9 বছৰ বয়সৰ পৰাই শিল্প সাধনাত ব্ৰতী হৈ তেওঁৰ হাতৰ পৰশত প্ৰাণ পোৱা বিভিন্ন ধৰণৰ ভাস্কৰ্য আজিও সগৌৰৱে জিলিকি আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ।
শিল্প সাধনাৰ মাজেৰেই পৰিয়াল পোহপাল দিয়া এইগৰাকী শিল্পীয়ে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা ৷ আনকি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পী দীনৰাম বৰা । বয়সৰ লগে লগে ক্ৰমাৎ শিল্পীগৰাকী অসুস্থ হৈ পৰাত পৰিয়ালটি পোহপাল দিয়াৰ ক্ষেত্ৰত অপৰাগ হোৱাৰ দিশে শিল্পী বৰা । এই ক্ষেত্ৰত সংবাদ মাধ্যমযোগে বিধায়ক নুৰুল হুদা (Nurul Huda)ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভাস্কৰ্য শিল্পীগৰাকীৰ পৰিয়ালে ।