নগাঁও, 3 জানুৱাৰী:দেওবাৰে নগাঁওৰ নেহেৰুবালীত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জিলাখনৰ মেধাৱী ছাত্ৰী সকলক ড৹ বাণীকান্ত কাকতি মেধা বঁটা ২০২০ ৰ অধীনত স্কুটী প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, এই আঁচনিৰ জৰিয়তে জিলাখনৰ ১৯০৯ গৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটী ৷
নগাঁৱত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ - স্কুটী
নগাঁৱত মেধাৱী ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই । নগাঁৱৰ ১৯০৯ গৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া স্কুটী ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মন্ত্ৰী হাজৰিকাই কয়, আজিৰ দিনটো এক স্মৰণীয় দিন ৷ কিয়নো এই আঁচনিৰ জৰিয়তে ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিব আৰু ভৱিষ্যতে আহিবলগীয়া দিনসমূহত ছাত্ৰী সকলে নতুন উদ্যমৰে অধ্যয়নত ব্ৰতী হ'ব ৷ অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীকে প্ৰমূখ্য কৰি শিক্ষা বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷